চূড়ান্ত অন্ধ বিশ্বাস: ঈশ্বৰক সুখী কৰিবৰ বাবেই উলংগ কৰা হ’ল কিশোৰীক

Share This Article

মধ্য প্ৰদেশৰ দামো জিলাৰ বানিয়া গাঁৱত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত‌ কৰা এক জঘণ্য ঘটনা। গাঁওখনত খৰাং সদৃশ পৰিস্থিতিৰ উদ্ভৱ হোৱা বাবেই গাওঁখনৰ ছয়গৰাকী কিশোৰীক গাওঁখনৰ চাৰিওফালে উলংগ কৰি লৈ যোৱা হয়। গাঁওবাসীৰ বিশ্বাস যে ইয়াৰ ফলত বৰুণ দেৱতা সন্তুষ্ট হব আৰু বৰষুণ দিব। উক্ত ঘটনাটোৱে ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগক (এনচিপিচিআৰ)ও জোকাৰি গৈছে। ঘটনা সম্পৰ্কে আৰক্ষী প্ৰশাসনৰ দৃষ্টি গোচৰ হোৱাত ডামোৰৰ আৰক্ষী অধীক্ষক ডি আৰ টেনিয়েৰে কয় যে বৰষুণৰ আশাত কিছুমান কিশোৰীক উলংগ হোৱাৰ খবৰ পাইছিলো। ঘটনাটো দেওবাৰে সংঘটিত হৈছিল। “আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। যদি কিশোৰীকেইগৰাকীক বলপূৰ্বক বিবস্ত্ৰ কৰা হৈছে তেন্তে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব,” লগতে অধীক্ষক গৰাকীয়ে কয় যে বৰষুণৰ বিষয়ে স্থানীয় লোকসকলৰ মাজত কিছু ধৰ্মীয় বিশ্বাস আছে। এই বিশ্বাস অনুসৰি, ছোৱালীবোৰক কাঢ়ি লোৱা হয়। বৃদ্ধসকলে তেওঁলোকৰ সৈতে ভজন গাই গাই যাত্ৰা কৰে। তেওঁলোকে ভাবে যে বৰষুণৰ দেৱতাসকল ইয়াত সন্তুষ্ট হ’ব। সামাজিক মাধ্যমত এগৰাকী নাবালিকে উলংগ হৈ খোজ কাঢ়ি থকাৰ ভিদিঅ’ বিয়পি পৰাৰ পাছতেই ডামোৰ জিলাৰ দণ্ডাধীশ এছ কৃষ্ণ চৈতন্যইও শিশু আয়োগৰ ওচৰত এই সন্দৰ্ভে এক প্ৰতিবেদন দাখিল কৰে। তেওঁ কয় যে “নাবালিকা কেইগৰাকীৰ পৰিয়ালৰ সদস্যসকলও ঘটনাটোত জড়িত আছে। তেওঁ বিষয়টো সম্পৰ্কে নিৰীক্ষণ কৰি আৱাসীসকলৰ মাজত সজাগতা সৃষ্টি কৰাৰও প্ৰতিশ্ৰুতি প্ৰদান কৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.