লখিমপুৰৰ খেৰীলৈ ৰাহুল গান্ধী নেতৃত্বাধীন কংগ্ৰেছৰ উচ্চস্তৰীয় প্ৰতিনিধি দল

Share This Article

মাৰ যোৱা নাই লখিমপুৰৰ কাণ্ডৰ বিভীষিকা। আজি কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী, মুখ্যমন্ত্ৰী ভূপেশ বাঘেল আৰু চৰণজিৎ সিং চান্নীয়ে হিংসাত নিহত সকলৰ পৰিয়ালবৰ্গৰ সৈতে মিলিত হবলৈ লক্ষ্ণৌ বিমানবন্দৰৰ পৰা লখিমপুৰ খেৰীলৈ ৰাওনা হয়। উল্লেখ যে প্ৰতিনিধি দলটোক প্ৰথমে আৰক্ষীৰ বাহনত যাত্ৰা কৰিবলৈ কোৱাত সেই স্থানতে এক ‘ধৰ্ণা’ কাৰ্যসূচীৰ ৰূপায়ন কৰে। ঘটানাস্থালিত উপস্থিত হোৱাৰ পাছত সাংবাদিক সকলৰ সৈতে বাৰ্তালাপ কৰি কংগ্ৰেছ নেতৃত্বাধীন দলটোৱে মূলতঃ দাবী উত্থাপন কৰে যে ‘দেওবাৰৰ ঘটনাত নিহত কৃষক আৰু সাংবাদিক সকলৰৰ আত্মীয়সকলক চৰকাৰৰ পৰা ৫০ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰক’। উল্লেখনীয় যে উত্তৰ প্ৰদেশ আৰক্ষীয়ে এআইচিচিৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাকে ধৰি সকলো ৰাজনৈতিক নেতাক লখিমপুৰ খেৰীলৈ যাবলৈ অনুমতি প্ৰদান কৰিছে। অৱশ্যে, দৰ্শনাৰ্থীসকলে কেৱল পাঁচজনীয়া গোটতহে আগবাঢ়িব পাৰিব, কিয়নো জিলাখনত বৰ্তমানেও চিআৰপিচিৰ 144 ধাৰা জাৰি হৈ আছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.