বিজেপি ত্যাগ প্ৰধানমন্ত্ৰীৰ ঘনিষ্ঠৰ

বিজেপিত পদত্যাগৰ ধুম। ইজনৰ পিছত সিজন নেতাই Bye bye দিছে বিজেপিক।এইবাৰ বিজেপি এৰিলে প্ৰাক্তন মন্ত্ৰীয়ে। যিমানেই বিধানসভাৰ নিৰ্বাচনৰ দিন ওচৰ চাপিছে সিমানেই যেন বিজেপিক বিপদে হেঁচা মাৰি ধৰিছে।এফালে যদি প্ৰধানমন্ত্ৰীয়ে বাঃ বাঃ ল’বলৈ আৰম্ভ কৰা এক্সপ্ৰেছ ভাঙিছে গৰুৰ খুন্দাত আনফালে নিৰ্বাচনৰ আগতে সফলতাৰ জয়গান গাবলৈ আৰম্ভ কৰা ম’ৰবী দলং ভাঙি প্ৰাণ গৈছে ডেৰ শতাধিকৰ। মুঠতে শনি লাগিছে বিজেপিৰ। এইবাৰ বিজেপিত উঠিছে পদত্যাগৰ ধুম।শনিবাৰে বিজেপি ত্যাগ কৰা জয় নাৰায়ণ ব্যাস বহু দিন ধৰি দলটোৰ লগত জড়িত আছিল।তেওঁ দলৰ বহু উত্থান পতনৰ লগত জড়িত।কেশুভাই আৰু নৰেন্দ্ৰ মোডী মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত জয় নাৰায়ণ ব্যাস আছিল তেওঁলোকৰ মন্ত্ৰীসভাৰ মন্ত্ৰী। ২০১৭ চনত তেওঁ বিজেপিৰ টিকেট লাভ কৰা নাছিল। তেওঁ এতিয়া কোন দলত যোগদান কৰিব সেই সিন্ধান্ত লোৱা নাই।“মই দলীয় কৰ্মীৰ লগত কথা পাতিহে সিন্ধান্ত ল’ম। আম আদমি পাৰ্টি আৰু কংগ্ৰেছ দুয়োটাই মোৰ বাবে বিকল্প হ’ব পাৰে।”

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296