টকিঅ’ পেৰালিম্পিকত ভাৰতৰ কৃষ্ণা নাগাৰৰ স্বৰ্ণ জয়

Share This Article

টকিঅ’ পেৰালিম্পিক ২০২০ত ভাৰতৰ হৈ পঞ্চমটো স্বৰ্ণ কৰিলে দুৰ্দান্ত বেডমিণ্টন ষ্টাৰ কৃষ্ণা নাগাৰে। বেডমিণ্টন ছিংগলছৰ (এছএইচ-৬) তীব্ৰ প্ৰতিদ্বন্দিতা মূলক মেচত হংকঙৰ চু মান কাইক পৰাস্ত কৰি স্বৰ্ণ পদক আঁজুৰি আনিলে নাগাৰে। ৪৩ মিনিটৰ খেলত নাগাৰে কাইক ২১-১৭, ১৬-২১ আৰু ২১-১৭ ত পৰাস্ত কৰে।
টকিঅ’ পেৰালিম্পিক ২০২০ত বেডমিণ্টনত এইটো ভাৰতৰ দ্বিতীয় স্বৰ্ণ। প্ৰমোদ ভগতে ইয়াৰ পূৰ্বে বেডমিণ্টন ছিংগলছ(এছএল-৩)ত সোণৰ পদক লাভ কৰিছিল।
উল্লেখযোগ্য যে নাগাৰে প্ৰথম খন খেলত কেইবাটাও ভুল কৰিছিল। যাৰ ফলত হংকঙৰ খেলুৱৈ গৰাকীয়ে ১৬-১১ ত অগ্ৰগতি লাভ কৰিছিল। কিন্তু নাগাৰে ঐতিহাসিক প্ৰত্যাৱৰ্তনেৰে স্ক’ৰ ১৫-১৬ লৈ উভতাই আনিছিল। নাগাৰে খেলখনত আন এটা পইণ্ট হেৰুৱাইছিল আৰু ১৫-১৭ ত পিছ পৰি আছিল। তাৰ পিছত এক আশ্চৰ্যজনক প্ৰত্যাৱৰ্তনেৰে প্ৰতিদ্বন্দীক ধৰাশায়ী কৰি প্ৰথমখন খেলত ২১-১৭ ত জয় লাভ কৰিছিল কৃষ্ণা নাগাৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.