Investigative reporting with dedication.

উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰীত কৃষক আৰু বিজেপি কৰ্মীৰ মাজত হোৱা সংঘৰ্ষত ইতিমধ্যেই মৃত্যুবৰণ কৰিছে ৮ জনকৈ লোকে। পৰিস্থিতিৰ বুজ লবলৈ অঞ্চলটোত উপস্থিত হোৱা কৃষক নেতা ৰাকেশ টিকাইটে ঘোষণা কৰিছে যে দাবী পূৰণ নোহোৱালৈকে মৃতদেহৰ অন্তিম সংস্কাৰ কৰা নহ’ব। টিকাইটে লগতে অভিযোগ উত্থাপন কৰে যে কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰই কৃষকসকলৰ ওপৰেৰে গাড়ী চলাইছিল। টিকাইটে লখিমপুৰ খেৰীত বন্ধ হৈ থকা ইণ্টাৰনেট সেৱা পুনৰ মুকলি কৰাৰো দাবী জনাইছে।


