প্ৰিয়ংকা গান্ধীৰ পিছত আৰক্ষীয়ে আটক কৰিলে অখিলেশ যাদৱক

Share This Article

লখিমপুৰ খেৰীৰ ঘটনাক লৈ উত্তাল হৈ আছে উত্তৰ প্ৰদেশ। যোৱা নিশা পৰিস্থিতিৰ বুজ ল’বলৈ যোৱা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক আটক কৰাৰ পিছত এতিয়া ঘৰৰ সন্মুখৰ ৰাজপথত বহি প্ৰতিবাদ কৰা সমাজবাদী দলৰ নেতা অখিলেশ যাদবক আটক কৰিছে আৰক্ষীয়ে। কোনো বিৰোধী দলৰ নেতাক জনতাৰ ওচৰলৈ যোৱাৰ সুযোগ দিয়া নাই উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰে। উল্লেখ্য যে খেৰীৰ হিংসাত্মক ঘটনাত প্ৰায় ৮ জনকৈ লোকৰ মৃত্যু হৈছিল। এই ঘটনাৰ পিছতে তীব্ৰ উত্তেজনা আৰু আতংকৰ মাজত সময় পাৰ কৰিছে উত্তৰ প্ৰদেশৰ জনসাধাৰণে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.