আৰক্ষীৰ প্ৰতি কিয় অসন্তুষ্টি ব্যক্ত কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে?

Share This Article

দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনে দেশৰ আমোলাতন্ত্ৰ বিশেষকৈ আৰক্ষী বিষয়াসকলৰ আচৰণৰ বিৰুদ্ধে আপত্তি দৰ্শাইছে। মুখ্য ন্যায়াধীশে ৰমনে এখন আবেদনৰ শুনানিৰ সময়ত কয় যে আমোলাতন্ত্ৰ বিশেষকৈ আৰক্ষী বিষয়াসকলৰ আচৰণ সম্পৰ্কত মোৰ যথেষ্ট আপত্তি আছে। তেওঁ লগতে কয় যে আমোলা বিশেষকৈ আৰক্ষী বিষয়াসকলৰ বিৰুদ্ধে দাখিল কৰা অভিযোগসমূহ বিচাৰ কৰাৰ বাবে এখন স্থায়ী সমিতিৰ কথা আলোচনা কৰা হৈছিল। উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা ৰেবেকা জনে স্বীকাৰ কৰিছে যে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ এই মন্তব্য যথেষ্ট তাৎপৰ্যপূৰ্ণ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.