‘নাৰী’,’জোতা’, ‘টী শ্বাৰ্ট’ আৰু ‘ভাৰত জোড়ো’

Share This Article

‘ভাৰত জোড়ো’ যাত্ৰা’ত কোন নাৰীৰ লগত ঘনিষ্ঠতা বাঢ়িল ৰাহুল গান্ধীৰ? কিমান দামী টী শ্বাৰ্ট পিন্ধিছে ৰাহুল গান্ধীয়ে?যাত্ৰাত ৰাহুল গান্ধীয়ে পিন্ধা জোতাৰ দাম কিমান? কি কন্টেইনাৰ ব্যৱহাৰ কৰিছে ৰাহুল গান্ধীয়ে? যাত্ৰাত ছানস্ক্ৰীন লগাইছে নে ৰাহুল গান্ধীয়ে?
এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি হাহাঁকাৰ কৰিছে শাসক দলৰ সমৰ্থকে।’ভাৰত জোড়ো’ যাত্ৰাই কঢ়িওৱা মূল ইছ্যুবোৰৰ পৰা জনতাক আঁতৰাই অনাৰ লক্ষ্যৰে শাসক দলে এই তুলুঙা বিষয়বোৰক লৈ সামাজিক মাধ্যমত জোৱাৰ অনাৰ চেষ্টা কৰিছে,কিন্তু কংগ্ৰেছ নেতা কানহায়া কুমাৰৰ দৃষ্টিত সফল হোৱা নাই শাসক দল।ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছ দলে উলিয়াইছে ‘ভাৰত জোড়ো’ যাত্ৰা।যি যাত্ৰাত সহযোগিতা আগবঢ়াইছে দেশৰ বিভিন্ন প্ৰান্তৰ লোকে।কংগ্ৰেছৰ ‘ ভাৰত জোড়ো’ যাত্ৰাৰ উদ্দেশ্যৰ বিষয়ে ক’বলৈ গৈ দলটোৰ নেতা কানহায়া কুমাৰে কৈছে ” বহুতেই আমাক প্ৰশ্ন কৰিছে আমাৰ এই যাত্ৰাৰ উদ্দেশ্য কি?বহুতেই সোধে বিৰোধী ক’ত?আমাৰ উত্তৰ বিৰোধী জনতাৰ পদূলিত ।আমাৰ হাতত কোনো ফেভিকল নাই যে আমি লগাই দিম আৰু খণ্ড খণ্ড হোৱা ভাৰত জোৰা লাগি যাব৷দেশত লাখ লাখ নিবনুৱা আছে যিয়ে সপোন দেখে কিন্তু তেওঁলোকৰ সপোন ভাঙি চূৰমাৰ কৰা হৈছে।আমি তেওঁলোকৰ সপোনবোৰ নতুন ৰূপত জোৰা দিব বিচাৰিছোঁ।” নাম উল্লেখ নকৰাকৈয়ে আপক কটাক্ষ কৰি তেওঁ কয় “কংগ্ৰেছ দলে প্ৰকৃতাৰ্থত বিজেপিৰ মতাদৰ্শৰ বিৰোধিতা কৰিছে। আন কিছুমান দলৰ দৰে ষ্টুডিঅ’ত বহি হুলস্থূল কৰি নিশা হ’লে লগ লাগি মই তোমাৰ,তুমি মোৰ স্থিতি লোৱা নাই।”
“ৰাহুল গান্ধীৰ প্ৰতিচ্ছবি জনমানসত হেয় কৰিবলৈ বিৰোধীয়ে কোটি কোটি টকা খৰছ কৰিলে,কিন্তু ভাৰত জোড়ো যাত্ৰাই বুজাই দিলে যে দেশ সদায় গান্ধীৰ লগতহে,গডচেৰ লগত নাই”-পুনৰ এনেদৰে কয় কানহায়া কুমাৰে।ইতিমধ্যে দেশৰ ৫ খন ৰাজ্য পাৰ কৰিছে ‘ভাৰত জোড়ো’ যাত্ৰাই। মঙলবাৰ অৰ্থাৎ কালিৰ পৰা অসমতো আৰম্ভ হৈছে ‘ভাৰত জোড়ো যাত্ৰা।”

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.