Investigative reporting with dedication.

বলীউডৰ বহু চৰ্চিত, বহু বিতৰ্কিত অভিনেত্ৰী কংগনা ৰাণাৱটক উত্তৰ প্ৰদেশৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে ঘোষণা কৰে মুখ্য মন্ত্ৰী যোগী আদিত্যনাথে। উত্তৰ প্ৰদেশ চৰকাৰৰ “এক জিলা-এক সামগ্ৰী” (অ’ডিঅ’পি) আঁচনিৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্তি প্ৰদান কৰে অভিনেত্ৰী গৰাকীক। কংগনাই তেওঁৰ ছবি “তেজছৰ” দৃশ্যগ্ৰহণৰ বাবে লক্ষ্ণৌত উপস্থিত হৈ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতে মিলিত হয় আৰু তাৰ পাছতে এই নিযুক্তি প্ৰদান কৰে যোগী চৰকাৰে।




