Investigative reporting with dedication.

কিছুদিন পূৰ্বে বলিউডৰ প্ৰবীণ গীতিকাৰ জাভেদ আখটাৰে মুম্বাইৰ এখন আদালতত অভিযোগ দাখিল কৰে যে অভিনেত্ৰী কংগনা ৰাণাৱটে তেওঁৰ বিৰুদ্ধে দাখিল কৰা অপৰাধমূলক মানহানিৰ গোচৰটো স্থানান্তৰ কৰিবলৈ কৰা আবেদন “গুণাগুণবিহীন” আছিল। আৰু লগতে তেওঁ কয় যে কাৰ্যক্ৰম বিলম্বিত কৰাৰ লক্ষ্যৰে কৰা হৈছিল এই গোচৰটো। উল্লেখ যে কংগনা ৰাণাৱটে যোৱা মাহত মুখ্য মেট্ৰ’পলিটান দণ্ডাধীশৰ ওচৰত অভিযোগটোৰ শুনানি বাবে আন এখন আদালতলৈ স্থানান্তৰ কৰিবলৈ আবেদন দাখিল কৰে।




