পুনৰ বৃদ্ধি হ’ল LPG চিলিণ্ডাৰৰ মূল্য

Share This Article

দেশত নিতৌ বৃদ্ধি পাবলৈ ধৰিছে LPG চিলিণ্ডাৰ আৰু ইন্ধনজাত সামগ্ৰীৰ মূল্য। জনতাক মাধমাৰ শোধাই এইবাৰ আকৌ ঘৰুৱা ৰাজসাহায্যবিহীন ৰন্ধন গেছৰ মূল্য ২৫ বৃদ্ধি কৰা হৈছে। তেল কোম্পানীবোৰে শেষবাৰৰ বাবে ১৭ আগষ্টত ৰন্ধন গেছৰ মূল্য বৃদ্ধি কৰিছিল। শেহতীয়া বৃদ্ধিৰ পিছত ৰাষ্ট্ৰীয় ৰাজধানীত ১৪.২ কিলোগ্ৰাম ঘৰুৱা চিলিণ্ডাৰৰ মূল্য এতিয়া ৮৮৪.৫০ টকা হ’ব।
জুলাই মাহত এটা ঘৰুৱা চিলিণ্ডাৰৰ মূল্য আছিল ৮৩৪ টকা। ১ জানুৱাৰীৰ পৰা ১৭ আগষ্টৰ ভিতৰত ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্য প্ৰতিটোত ১৬৫ টকা বৃদ্ধি কৰা হৈছে। ১ আগষ্টত ১৯ কিলোগ্ৰাম বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰা হৈছিল। অৱশ্যে এলপিজি ঘৰুৱা ৰন্ধন গেছৰ মূল্য তেতিয়া অপৰিৱৰ্তিত হৈ আছিল।
স্থানীয় কৰৰ বাবে এলপিজি চিলিণ্ডাৰৰ মূল্য ৰাজ্যভেদে পৃথক হয়। চৰকাৰী ৰাজসাহায্য আঁচনিৰ অধীনত প্ৰতিটো পৰিয়াল বছৰে ১২ টা চিলিণ্ডাৰৰ বাবে যোগ্য। চৰকাৰে প্ৰদান কৰা ৰাজসাহায্যৰ পৰিমাণ প্ৰতি মাহে পৃথক হয়।
পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে প্ৰদান কৰা তথ্য অনুসৰি সমগ্ৰ ভাৰতত সক্ৰিয় গ্ৰাহকৰ ক্ষেত্ৰত ধাৰাবাহিকভাৱে বৃদ্ধি হৈছে। বিগত ১ জুলাইলৈকে পিএমইউৱাই গ্ৰাহকসহ ২৯.১১ কোটি সক্ৰিয় ঘৰুৱা এলপিজি গ্ৰাহক দেশত আছে। ২০১৮-১৯ বৰ্ষত, দেশখনত ২৬.৫৪ কোটি গ্ৰাহক আছিল

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.