সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

সোমবাৰৰ পৰা আৰম্ভ হ’ব সংসদৰ বাজেট সন্মিলন

সোমবাৰৰ পৰা আৰম্ভ হ’ব সংসদৰ বাজেট সন্মিলন।
শেহতীয়াকৈ দ্যা নিউয়ৰ্ক টাইমছত প্ৰকাশ পাইছিল যে ২০১৭ চনত ভাৰতে ইজৰাইলৰ পৰা ক্ৰয় কৰিছিল চোৰাংচোৱা ছফ্টৱেৰ পেগাছাছ । সেয়েহে আশংকা কৰা হৈছে এইবেলি বাজেট সন্মিলনত নৰেন্দ্ৰ মোদী চৰকাৰ সন্মুখীন হ’ব বিৰোধী পক্ষৰ বিভিন্ন প্ৰশ্নৰ।
ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দৰ ভাষনেৰে আৰম্ভ হ’ব সন্মিলন। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সিতাৰমনে ২০২১-২২ বৰ্ষৰ অৰ্থনৈতিক ব্যাখ্যা আগবঢ়াব সোমবাৰে লোকসভাত।

Leave A Reply

Your email address will not be published.