সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ৰেলী আৰু ৰোড শ্ব’ত নিষেধাজ্ঞা নিৰ্বাচনী আয়োগৰ

আজি নিৰ্বাচনী আয়োগ কোভিড-১৯ মূল্যায়ন সন্দৰ্ভত এক বৈঠকত মিলিত হ’ব । বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসমূহত ৰেলীৰ বাধ্যবাধকতা সন্দৰ্ভত আলোচনা হ’ব এই বৈঠকত।
বিগত ৮ জানুৱাৰীত কোভিড-১৯ ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচনী প্ৰচাৰৰ বাবে ৰেলী আৰু ৰোড শ্ব’ কৰাত বাধা আৰোপ কৰিছিল নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া পাঁচ ৰাজ্য উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, গোৱা, পঞ্জাৱ আৰু মণিপুৰত ।
বিগত ২২ জানুৱাৰীত অনুষ্ঠিত হোৱা অন্তিম বৈঠকত এই নিষেধাজ্ঞা ৩১ জানুৱাৰীলৈ সম্প্ৰসাৰিত কৰা হৈছিল। অৱশ্যে ৰাজহুৱা সভাসমূহত সৰ্বাধিক ৫০০ সদস্য উপস্থিত থকাৰ অনুমতি প্ৰদান কৰা হৈছিল।

Leave A Reply

Your email address will not be published.