ৰেলী আৰু ৰোড শ্ব’ত নিষেধাজ্ঞা নিৰ্বাচনী আয়োগৰ

Share This Article

আজি নিৰ্বাচনী আয়োগ কোভিড-১৯ মূল্যায়ন সন্দৰ্ভত এক বৈঠকত মিলিত হ’ব । বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসমূহত ৰেলীৰ বাধ্যবাধকতা সন্দৰ্ভত আলোচনা হ’ব এই বৈঠকত।
বিগত ৮ জানুৱাৰীত কোভিড-১৯ ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচনী প্ৰচাৰৰ বাবে ৰেলী আৰু ৰোড শ্ব’ কৰাত বাধা আৰোপ কৰিছিল নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া পাঁচ ৰাজ্য উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, গোৱা, পঞ্জাৱ আৰু মণিপুৰত ।
বিগত ২২ জানুৱাৰীত অনুষ্ঠিত হোৱা অন্তিম বৈঠকত এই নিষেধাজ্ঞা ৩১ জানুৱাৰীলৈ সম্প্ৰসাৰিত কৰা হৈছিল। অৱশ্যে ৰাজহুৱা সভাসমূহত সৰ্বাধিক ৫০০ সদস্য উপস্থিত থকাৰ অনুমতি প্ৰদান কৰা হৈছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.