সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

চট্টিছগড়ত স্থাপন হ’ব অমৰ জৱান জ্যোতি

চট্টিছগড়ত কংগ্ৰেছে স্থাপন কৰিব অমৰ জৱান জ্যোতি ৷ কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ অমৰ জৱান জ্যোতিৰ অগ্নিশিখা নুমুৱাই ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ লগত একত্ৰিত কৰাৰ পাছত চট্টিছগড়ৰ ৰায়পুৰত অমৰ জৱান জ্যোতি স্থাপনৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে ৷ চট্টিছগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে এই কথা সদৰী কৰি কয় যে অমৰ জৱান জ্যোতিৰ প্ৰজ্বলিত শিখা নুমুৱাই দি কেন্দ্ৰই জনতাৰ আৱেগৰ লগত হেতালি খেলিছে ৷ সেইবাবেই চট্টিছগড় চৰকাৰে এই শিখা প্ৰজ্বলিত কৰি ৰখাৰ সিদ্ধান্ত গ্ৰহন কৰিছে ৷ অহা ৩ ফেব্ৰুৱাৰীত ৰাহুল গান্ধীয়ে অমৰ জৱান জ্যোতিৰ আধাৰশিলা স্থাপন কৰিব ৷

Leave A Reply

Your email address will not be published.