চট্টিছগড়ত স্থাপন হ’ব অমৰ জৱান জ্যোতি

Share This Article

চট্টিছগড়ত কংগ্ৰেছে স্থাপন কৰিব অমৰ জৱান জ্যোতি ৷ কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ অমৰ জৱান জ্যোতিৰ অগ্নিশিখা নুমুৱাই ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ লগত একত্ৰিত কৰাৰ পাছত চট্টিছগড়ৰ ৰায়পুৰত অমৰ জৱান জ্যোতি স্থাপনৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে ৷ চট্টিছগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে এই কথা সদৰী কৰি কয় যে অমৰ জৱান জ্যোতিৰ প্ৰজ্বলিত শিখা নুমুৱাই দি কেন্দ্ৰই জনতাৰ আৱেগৰ লগত হেতালি খেলিছে ৷ সেইবাবেই চট্টিছগড় চৰকাৰে এই শিখা প্ৰজ্বলিত কৰি ৰখাৰ সিদ্ধান্ত গ্ৰহন কৰিছে ৷ অহা ৩ ফেব্ৰুৱাৰীত ৰাহুল গান্ধীয়ে অমৰ জৱান জ্যোতিৰ আধাৰশিলা স্থাপন কৰিব ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.