সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ভংগ হ’বই বংগ ?

স্বাধীনোত্তৰ ভাৰতত বিজেপিয়ে আৰম্ভ কৰিছে ডিভাইড এণ্ড ৰুল পলিচী । বংগ বিভাজনেৰে আৰম্ভ কৰিব নতুন ৰাজ্য গঠনৰ প্ৰক্ৰিয়া৷ দিল্লীত নিগাজিকৈ বাহৰ পাতিছে KPPৰ নেতৃত্বই ।অসমৰ কোন কোন জিলা অন্তৰ্ভুক্ত হ’ব কমতাপুৰ ৰাজ্যত?আনুষ্ঠানিকভাৱে আৰম্ভ হ’ল বংগ ভংগ অভিযান। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ইতিমধ্যে নতুন ৰাজ্য গঠনৰ সিদ্ধান্তত ছীল মোহৰ মাৰিবলৈ সাজু হৈছে।কমতাপুৰ অৰ্থাৎ নতুন কেন্দ্ৰীয় শাসিত ৰাজ্য গঠনৰ বাবে নতুন দিল্লীত বাহৰ পাতিছে পৃথক কমতাপুৰৰ বাবে দাবী উত্থাপন কৰি অহা সংগঠনসমূহে। ইতিমধ্যে উত্তৰ বংগ আৰু অসমৰ কেইবাটাও পক্ষৰ সৈতে আলোচনাত মিলিত হৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়। অবিভক্ত গোৱালপাৰা জিলা অন্তৰ্ভুক্ত হ’ব কমতাপুৰ ৰাজ্যত!অৰ্থাৎ অসমৰ ৭ খনকৈ জিলা অন্তৰ্ভুক্ত হ’ব পৃথক কমতাপুৰ ৰাজ্যত! অসমৰ জিলা অন্তৰ্ভুক্তক লৈ আৰম্ভ হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। দিল্লীত বাহৰ পাতি থকা কমতাপুৰ প্ৰগ্ৰেছীভ পাৰ্টীৰ সঁজাতি দল এটাই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সৈতে আলোচনা চলাই গৈছে।অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশিত এক প্ৰতিবেদন অনুযায়ী গৃহ মন্ত্ৰালয়ৰ আমন্ত্ৰণমৰ্মে KPPৰ আন এটা প্ৰতিনিধি দল চলিত সপ্তাহৰ ভিতৰতে কেন্দ্ৰৰ সৈতে নতুন কেন্দ্ৰীয় শাসিত ৰাজ্য গঠন সন্দৰ্ভত এক বিশেষ আলোচনাত মিলিত হ’ব। ইতিমধ্যে প্ৰায় চূড়ান্ত হৈ পৰিছে বিজেপিৰ বংগ ভংগ সিদ্ধান্ত। কিন্ত অসমৰ অবিভক্ত গোৱালপাৰা জিলা নতুন কেন্দ্ৰীয়শাসিত ৰাজ্যত অন্তৰ্ভূক্তিক লৈ আৰম্ভ হৈছে জটিলতা। এই জটিলতা আঁতৰাবলৈয়ে এতিয়া প্ৰয়োজন হৈছে নিত্য নতুন বৈঠকৰ। অবিভক্ত গোৱালপাৰা জিলাৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষা, অধিকাৰ, সাংবিধানিক ৰক্ষকবচ আদি দিশসমূহ সন্দৰ্ভত চলিছে পুঙ্খানূপুঙ্খ আলোচনা। এই বিষয়সমূহ নিষ্পত্তি কৰাৰ বাবেই দিল্লীত চলিছে মাৰাথন ৰুদ্ধদ্বাৰ বৈঠক। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ KPPৰ সৈতে হোৱা এনেবোৰ আলোচনাই নতুন কমতাপুৰ ৰাজ্যৰ পৰিসৰ বিস্তৃত হোৱাৰ স্পষ্ট ইংগিত বহন কৰিছে। ডিচেম্বৰ মাহৰ ভিতৰত KPP আৰু অন্যান্য পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবী কৰি অহা সংগঠনসমূহৰ সৈতে চলিব মাৰাথন আলোচনা। এই বৈঠকতে সিদ্ধান্ত হ’ব অসমৰ অবিভক্ত গোৱালপাৰা জিলাৰ অন্তৰ্ভূক্তিৰ বিষয়টো। উল্লেখযোগ্য যে অবিভক্ত গোৱালপাৰা জিলা মানে হৈছে বৰ্তমানৰ গোৱালপাৰা, ধুবুৰী, বঙাইগাঁও, কোকৰাঝাৰ, চিৰাং, দক্ষিণ শালমাৰা, মানকাছাৰ জিলা। ইয়াৰে অন্যান্য জিলাক বাদ দিলেও ধুবুৰী জিলাক নতুন কমতাপুৰ ৰাজ্যত অন্তৰ্ভুক্ত কৰিবলৈ উঠিপৰি লাগিছে সকলো। আৰু এই সমগ্ৰ বিষয়টোত উঠিপৰি লাগি থকা গ্ৰেটাৰ কোচবিহাৰ পিপলছ এছ’চিয়েছনৰ নেতা অনন্ত ৰায় ওৰফে অনন্ত মহাৰাজৰ এক মন্তব্যই সৃষ্টি কৰিছে ৰহস্যৰ। কিয়নো কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে নতুন কমতাপুৰ ৰাজ্য গঠনৰ ক্ষেত্ৰত অনুষ্ঠিত আলোচনাত অনন্ত মহাৰাজৰ সংগঠনটোক এইপৰ্যন্ত আমন্ত্ৰণ জনোৱা নাই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। ইফালে কেন্দ্ৰৰ এই বংগ ভংগ সিদ্ধান্তৰ ফলত বিপাঙত পৰিছে মমতা বেনাৰ্জী চৰকাৰ। পশ্চিমবংগত তৃণমূল কংগ্রেছক খণ্ড বিখণ্ড কৰিবলৈয়ে কেন্দ্ৰই যেন আৰম্ভ কৰিছে স্বাধীনোত্তৰ ভাৰতৰ ডিভাইড এণ্ড ৰুল পলিচী। কেন্দ্ৰৰ এই সিদ্ধান্তৰ পাছতেই উত্তাল হৈ আছে সমগ্ৰ পশ্চিমবঙ্গ। অস্বস্তিত পৰিছে মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছ। মমতা বেনাৰ্জীৰ ৰাজনৈতিক উত্থান ৰোধিবলৈ বংগ ভংগ কৰিবলৈ উঠিপৰি লাগিছে কেন্দ্ৰ। আনহাতে অসমৰ ৬ খনকৈ জিলা যদিহে নতুন ৰাজ্যত অন্তৰ্ভুক্ত হয়, তেনেহ’লে অসমৰ ৰাজনৈতিক পটভূমিৰ সমান্তৰালকৈ জনগাঁঠনিও সম্পূৰ্ণৰূপে সলনি হৈ পৰিব। বংগ চৰকাৰৰ এনে অস্থিৰতাৰ মাজতো কমতাপুৰ আৰু পৃথক কোচবিহাৰ ৰাজ্য গঠনৰ বাবে জনমত গঠন কৰিবলৈ আহৰ্নিশে চেষ্টা কৰি গৈছে কেন্দ্ৰই।অল ইণ্ডিয়া কমতা কোচ ৰাজবংশী মহাসংঘই উত্তৰবঙ্গ আৰু অসমৰ কোচ ৰাজবংশী সংগঠনসমূহক একে মঞ্চত সমবেত কৰাৰ বাবে অব্যাহত ৰাখিছে চেষ্টা। অনুষ্ঠিত হৈছে নানা সভা-সমিতিও। আৰু কেন্দ্ৰৰ এই তৎপৰতাৰ ফলতেই হয়তো অচিৰেই অৰ্থাৎ ২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে গঠন হৈ উঠিব আন এখন নতুন ৰাজ্য। ভাৰতৰ মানচিত্ৰত সংযুক্ত হ’ব পৃথক কমতাপুৰ ৰাজ্য।

Leave A Reply

Your email address will not be published.