মোক্ষম আঘাত TMC ত

Share This Article

মোক্ষম আঘাত TMC ত

পুনৰ গ্ৰেপ্তাৰ TMC ৰ বিধায়ক | তৃণমূল কংগ্ৰেছৰ বিধায়ক মাণিক ভট্টাচাৰ্যক গ্ৰেপ্তাৰ |

পশ্চিম বংগৰ শিক্ষক নিযুক্তিৰ কেলেংকাৰীত জড়িত থকাৰ অভিযোগত মঙলবাৰে ইডিয়ে তৃণমূল কংগ্ৰেছৰ এজন বিধায়কক গ্ৰেপ্তাৰ কৰে ৷ মাণিক ভট্টাচাৰ্যক ওৰেটো নিশা সোধাপোচা পৰাৰ অন্তত আজি পুৱা গ্ৰেপ্তাৰ কৰে সংস্থাটোৱে ৷ অবৈধভাৱে শিক্ষক নিযুক্তিৰ সময়ত ভট্টাচাৰ্য আছিল পশ্চিম বংগৰ প্ৰাথমিক শিক্ষা বৰ্ডৰ অধ্যক্ষ৷

“ভট্টাচাৰ্যক গ্ৰেপ্তাৰ কৰা হৈছে কিয়নো তেওঁ সোমবাৰে আবেলিৰ পৰা চলাই থকা তদন্তৰ সময়ত অসহযোগিতা কৰি আহিছে ৷ তেওঁ আনকি ইডিৰ বিষয়ববীয়াক মূল বিষয়টোৰ পৰা ফালৰি কটাবৰ বাবে চেষ্টা কৰি আছিল”-এনেদৰে মন্তব্য কৰে এগৰাকী ইডিৰ বিষয়াই ৷ তেওঁ নাদিয়া জিলাৰ পলাচীপাৰা সমষ্টিৰ বিধায়ক ৷ তেওঁ পশ্চিম বংগ প্ৰাথমিক শিক্ষাবৰ্ডৰ অধ্যক্ষ হোৱাৰ আগতে যোগেশ চন্দ্ৰ চৌধুৰী আইন মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ শিক্ষক নিযুক্তিৰ কেলেংকাৰী সন্দৰ্ভত এতিয়ালৈকে গ্ৰেপ্তাৰ হোৱা তৃণমূল কংগ্ৰেছৰ দ্বিতীয় গৰাকী বিধায়ক মাণিক ভট্টাচাৰ্য৷

ইয়াৰ আগতে ৰাজ্যখনৰ শিক্ষা মন্ত্ৰী পাৰ্থ চেট্টাৰ্জীক বিগত জুলাই মাহত এই অভিযোগত গ্ৰেপ্তাৰ কৰিছিল৷
ভট্টাচাৰ্যক কলকাতা উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশৰ ভিত্তিত বিগত জুন মাহতেই অধ্যক্ষৰ পদৰ পৰা অপসাৰণ কৰা হয় ৷ ন্যায়াধীশ অভিজিত গংগোপাধ্যায়ে মুঠ ২৬৯ জন প্ৰাথমিক শিক্ষকক নিযুক্তিৰ ক্ষেত্ৰত থকা আসোঁৱাহৰ বাবে ভট্টাচাৰ্যক দোষী সাব্যস্ত কৰিছিল ৷ কলকাতা উচ্চ ন্যায়ালয়ে ইতিমধ্যে চিবিআইক গ্ৰুপ চি,গ্ৰুপ ডি,নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ নিযুক্তি প্ৰাপ্ত শিক্ষক আৰু প্ৰাথমিক শিক্ষকৰ নিযুক্তিৰ বিষয়টো তদন্ত কৰাৰ নিৰ্দেশ দিছে৷

গুৰুত্বপূূৰ্ণ বিষয় এয়ে যে শিক্ষক নিযুক্তিৰ বাবে অনুষ্ঠিত পৰীক্ষাত কম নম্বৰ লাভ কৰা প্ৰাৰ্থীয়ে লাখ লাখ টকাৰ বিনিময়ত চাকৰি লাভ কৰাৰ বিপৰীতে যোগ্য প্ৰাৰ্থী বঞ্চিত হৈছিল৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.