পঞ্জাৱত কৃষকে ভেটিলে প্ৰধানমন্ত্ৰীৰ কনভয় : সমাবেশ বাতিল

কৃষক বিদ্ৰোহৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাতিল কৰিবলগীয়া হয় পঞ্জাৱৰ জনসভা ৷ প্ৰায় দুবছৰৰ পাছত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হয় পঞ্জাৱত । বিতৰ্কিত কৃষি আইন বাতিল কৰাৰ পাছত এইটো আছিল প্ৰথমটো পঞ্জাৱ ভ্ৰমণ। কিন্তু পঞ্জাৱত ভৰি দিয়াৰ পাছতে তেওঁ কৃষক বিদ্ৰোহৰ সন্মুখীন হ’বলগীয়া হয় ৷ যাৰ বাবে ফিৰোজপুৰৰ সভা বাতিল কৰিবলগীয়া হয় ৷ প্ৰধানমন্ত্ৰীৰ কনভয় হুছেনীৱালা অভিমুখে গৈ থকা অৱস্থাত কিষাণ মজদুৰ সংঘৰ্ষ সমিতিৰ(কেএমএছচি)সদস্যসকলে পথ অৱৰোধ কৰে। ফলত প্ৰায় ১৫-২০ মিনিট সময় ধৰি এখন ফ্লাই অভাৰত আৱদ্ধ হৈ থাকিবলগীয়া হয় প্ৰধানমন্ত্ৰীগৰাকী। অৱশ্যে, কৃষকসকলক তেওঁলোকৰ দাবীৰ বিষয়ে ১৫ জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে আলোচনাৰ আশ্বাস দিয়াৰ পিছত প্ৰতিবাদৰ সামৰণি পেলায় । ঘটনাটোৰ সন্দৰ্ভত গৃহ মন্ত্ৰালয়ে কয় যে, “হুছেইনিৱালাৰ ৰাষ্ট্ৰীয় শ্বহীদ স্মাৰকৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত যেতিয়া প্ৰধানমন্ত্ৰীৰ কনভয় এখন উৰণীয়া সেঁতুত উপস্থিত হৈছিল, তেতিয়াই দেখা গৈছিল পথটো কিছুমান প্ৰতিবাদকাৰীয়ে অৱৰোধ কৰিছিল। প্ৰধানমন্ত্ৰী ১৫-২০ মিনিটৰ বাবে উৰণীয়া সেঁতুত আৱদ্ধ হৈ আছিল। এয়া প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ ক্ষেত্ৰত এক ডাঙৰ ভূল আছিল” । কেন্দ্ৰীয় চৰকাৰে এই ভুলৰ বাবে পঞ্জাৱৰ কংগ্ৰেছ চৰকাৰক দোষাৰোপ কৰিছে।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296