সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

জামিন পালেও কাৰাগাৰতে থাকিব লাগিব অল্ট নিউজৰ জুবেইৰ

উত্তৰ প্ৰদেশৰ এটা গোচৰত জামিন লাভ কৰিছে অল্ট নিউজৰ সাংবাদিক তথা সহ সংস্থাপক মহম্মদ জুবেইৰে ৷ উচ্চতম ন্যায়ালয়ে উত্তৰ প্ৰদেশৰ সীতাপুৰত ৰুজু হোৱা গোচৰ সংক্ৰান্তত মহম্মদ জুবেইৰক ৫ দিনৰ অন্তৰ্ৱৰ্তীকালীন জামিন প্ৰদানৰ লগতে এই সময়ছোৱাত কোনো টুইট নকৰাৰ চৰ্ত আৰোপ কৰিছে ৷ ৫ দিন পাছত পৰৱৰ্তী শুনানি অনুষ্ঠিত হ’ব ৷ অন্তৰ্ৱৰ্তীকালীন জামিন লাভ কৰিলেও কাৰাগাৰৰ পৰা মুক্ত নহ’ব মহম্মদ জুবেইৰ ৷ কাৰণ দিল্লী আৰক্ষীৰ গোচৰত তেওঁ এতিয়াও জামিন লাভ কৰা নাই ৷

Leave A Reply

Your email address will not be published.