সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

 মহম্মদ জুবেৰক কিয় জামিন দিলে আদালতে?

‘সুস্থ গনতন্ত্ৰৰ বাবে বিৰোধীৰ কন্ঠ অপৰিহার্য৷’অল্ট নিউজৰ প্ৰতিষ্ঠাপক মহম্মদ জুবেৰক জামিন প্ৰদান কৰি এই মন্তব্য কৰিলে ন্যায়ালয়ে৷২০১৮ চনৰেই এটা টুইটৰ বাবে গ্ৰেপ্তাৰ হৈছিল মহম্মদ জুবেৰ৷মহম্মদ জুবেৰৰ বিৰুদ্ধে উত্থাপন হৈছিল,ধর্মীয় অনুভূতিত আঘাত সনাৰ অভিযোগ৷অৱশেষত দিল্লীৰ এখন আদালতে জামিন প্ৰদান কৰিলে মহম্মদ জুবেৰক৷জামিন প্ৰদান কৰি আদালতৰ মন্তব্য, ’সুস্থ গনতন্ত্ৰৰ বাবে বিৰোধীৰ কন্ঠ অপৰিহার্য’৷

 

কি গোচৰত গ্ৰেপ্তাৰ হৈছিল মহম্মদ জুবেৰ?

- Donation -

অল্ট নিউজৰ প্ৰতিষ্ঠাপক মহম্মদ জুবেৰৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ দুটা ধাৰাত ৰুজু কৰা হৈছিল গোচৰ৷দিল্লী আৰক্ষীৰ IFSC য়ে লাভ কৰা এটা টুইটৰ পিছতেই গোচৰ ৰুজু কৰা হৈছিল জুবেৰৰ বিৰুদ্ধে৷টুইটটোত মহম্মদ জুবেৰৰ এটা টুইটৰ কথা উল্লেখ কৰি উত্থাপন কৰা হৈছিল এটা বিশেষ ধর্মক অপমানৰ অভিযোগ৷প্ৰকৃততে,এখন পুৰনি হিন্দী ছবিৰ এখন ফটোৰ সৈতে ২০১৮ চনতেই এটা টুইট কৰিছিল মহম্মদ জুবেৰে৷এখন হোটেলৰ ফটোৰ সৈতে কৰা টুইটত পূর্বৰ হানিমুন হোটেলৰ নাম ২০১৪ চনৰ পিছত হনুমান হোটেললৈ সলনি কৰা হল বুলি মন্তব্য কৰিছিল জুবেৰে৷সেই টুইটৰ কথা উল্লেখ কৰি হনুমান ভক্ত নামৰ এজন টুইটাৰ ব্যবহাৰকাৰীয়ে টুইটযোগে হিন্দু ধর্মক অপমানৰ অভিযোগ উত্থাপন কৰিছিল জুবেৰৰ বিৰুদ্ধে৷হনুমান ভক্তৰ টুইট নজৰলৈ অহাৰ পিছতেই দিল্লী আৰক্ষীৰ IFSC ত জুবেৰৰ বিৰুদ্ধে ৰুজু কৰা হয় গোচৰ৷জুবেৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয় দণ্ডবিধি আইনৰ 153  আৰু 295 ধাৰাত৷আৰু সেই গোচৰৰ ভিত্তিতেই  দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মহম্মদ জুবেৰক৷

 

কিয় আদালতে জামিন দিলে জুবেৰক?

মহম্মদ জুবেৰক জামিন প্ৰদান কৰি আদালতে কয়,’ৰাজনৈতিক দলসমূহ সমালোচনাৰ বাবে জনতাৰ পৰা আতৰি থকা নাই৷সুস্থ গণতন্ত্ৰৰ বাবে বিৰোধীৰ কন্ঠ অপৰিহার্য৷সেইবাবেই কোনো ৰাজনৈতিক দলক সমালোচনা কৰিলে তাক ধাৰা 153A  আৰু  295A  ৰে প্ৰয়োগ কৰি প্ৰত্যুত্তৰ দিব নোৱাৰি৷’ আনহাতে জুবেৰৰ জামিনৰ বিৰোধিতা কৰি অতিৰিক্ত চৰকাৰী অধিবক্তা অতুল শ্ৰীবাস্তবে আদালতত যুক্তি প্ৰদর্শন কৰে৷তেখেতে কয় ‘জুবেৰে ‘আফ্টাৰ 2014’ আৰু ‘বিফৰ 2014’ বুলি দুটা শব্দ ব্যবহাৰ কৰিছিল৷২০১৪ চনত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰ শাসনলৈ আহিছিল৷ইয়াৰ দ্বাৰা অভিযুক্তই  অন্য এটা পক্ষক উচটনি দিয়াৰ লগতে বিদ্বেষৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছিল৷’

 

আদালত ওলাল ১৯৮৩ চনৰ হিন্দী ছবিৰ কথা

মহম্মদ জুবেৰৰ জামিন প্ৰসংগত আদালতে কয়,যে হিন্দু ধর্ম ইমানেই সহনশীল যে,এই ধর্মত বিশ্বাসী সকলে তেওলোকৰ দেব দেবতাৰ নামত তেওলোকৰ প্ৰতিষ্ঠান,সংগঠন আদিৰ নাম ৰাখে৷বহু হিন্দু লোকে গৌৰবেৰে তেওলোকৰ সন্তানৰ নাম দেব দেবতাৰ নামত ৰাখে৷সেয়েহে এটা প্ৰতিষ্ঠান,সংগঠন বা শিশুৰ নাম হিন্দু দেৱতাৰ নামত ৰখাটো আইপিচিৰ ধাৰা 153এ আৰু 295এ-ৰ উলংঘন নহয়,যদিহে সেয়া বিদ্বেষ সৃ্‌ষ্টিৰ উদ্দেশ্যৰে কৰা নহয়।অন্যহাতে মহম্মদ জুবেৰৰ অধিবক্তাই আদালতত কয়,যে জুবেৰে নির্দিষ্ট টুইটত ব্যৱহাৰ কৰা ফটোখন ঋষিকেশ মুখার্জীৰ ‘কিচি চে না কেহনা’ শীর্ষক হিন্দী ছবিখনৰ পৰা লোৱা হৈছিল৷ছবিখনত Central Board of Film Certification  য়ে অনুমোদন জনাইছিল আৰু আজি পর্যন্ত ছবিখনক লৈ কোনো অভিযোগ উত্থাপন হোৱা নাই৷

 

জামিন লাভ কৰিলেও কাৰাগাৰতে থাকিব লাগিব জুবেৰ

সাতটাকৈ গোচৰ ৰুজু হৈছিল অল্ট নিউজৰ প্ৰতিষ্ঠাপক মহম্মদ জুবেৰৰ বিৰুদ্ধে৷ইয়াৰ দুটা গোচৰত আদালতে শুক্ৰবাৰে প্ৰদান কৰে জামিন৷বাকী সমূহ গোচৰত জামিন মঞ্জুৰ নোহোৱালৈকে ন্যায়িক জিম্মাতেই থাকিব মহম্মদ জুবেৰ৷

 

Leave A Reply

Your email address will not be published.