Mock Drill: গৃহ মন্ত্ৰালয়ে কিয় দিলে মক ড্ৰিলৰ নিৰ্দেশ? ইয়াৰ পূৰ্বে দেশত কেতিয়া বাজিছিল চাইৰেন?

Share This Article

Mock Drill: ২২ এপ্ৰিলত জন্মু-কাশ্মীৰৰ পহলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণক লৈ সতৰ্ক হৈছে নৰেন্দ্ৰ মোদী চৰকাৰ। এই ঘটনাত ২৬ গৰাকী নিৰীহ লোকৰ মৃত্যুৱে নিৰাপত্তাৰ দিশটোক লৈ নতুন চিন্তা বঢ়াই তুলিছে। এতিয়ালৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় সুৰক্ষাৰ সৈতে জড়িত কেইবাখনো উচ্চ স্তৰীয় বৈঠকত অংশগ্ৰহণ কৰিছে। সেই বৈঠকসমূহৰ সিদ্ধান্ত মৰ্মেই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৭ মে অৰ্থাত কাইলৈ ২৪৪ খন জিলাত মক ড্ৰিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

কি এই মক ড্ৰিল (Mock Drill)? ইয়াৰ পূৰ্বে ভাৰতত কেতিয়াবা মক ড্ৰিল কৰা হৈছিলনে?

ইয়াৰ পূৰ্বেও ভাৰতত এই ধৰণৰ মক ড্ৰিল কৰা হৈছিল ১৯৭১ চনত। যেতিয়া ভাৰত পাকিস্তানৰ মাজত যুদ্ধ সংঘটিত হৈছিল। সেইসময়ত মক ড্ৰিল যুদ্ধৰ সময়ত নাগৰিক সুৰক্ষা সুনিশ্চিত কৰিবৰ বাবে কৰা হৈছিল। কিন্তু এইবাৰ হব লগা মক ড্ৰিলত বিশেষভাৱে বিমান আক্ৰমণৰ সতৰ্কবাণীৰ বাবে চাইৰেন বজোৱা হব। ব্লেক আউট অৰ্থাত অন্ধকাৰ কৰা হব আৰু মানুহক শিকোৱা হব যে আক্ৰমণৰ সময়ত নাগৰিকে কেনেকৈ কি কৰিব। আনকি স্কুল, অফিচ আৰু ঘৰত থকা নাগৰিকক শিকোৱা হব যে বিপদজনক পৰিস্থিতিত কত লুকাব লাগিব, কেনেকৈ সতৰ্ক থাকিব লাগিব আৰু কোনবোৰ বস্তুৰ পৰা বাচি থাকিব লাগিব। এই ধৰণৰ প্ৰস্তুতি যিকোনো জৰুৰী সময়ত জীৱন-সম্পত্তিৰ লোকচান হ্ৰাস কৰিবলৈ কৰা হয়।

ভাৰতৰ এই মক ড্ৰিলৰ প্ৰস্তুতিয়ে মনত পেলাই দিয়ে পৃথিৱীৰ কেইবাখনো দেশৰ ঐতিহাসিক মক ড্ৰিলৰ কথা। যেনে ১৯৫২ চনত আমেৰিকাই ডাক এণ্ড কভাৰ নামেৰে পাৰমাণৱিক আক্ৰমণৰ আশংকাত সমগ্ৰ দেশতে মক ড্ৰিল কৰাইছিল। যত শিশুসকলক টেবুলৰ তলত লুকাই থকাৰ শিক্ষা দিয়া হৈছিল।

১৯৮০ চনত ব্ৰিটেইনত স্কোৱেৰ লেগ নামৰ ফীল্ড এক্সচেৰচাইজৰ সময়ত ১৫০ টা পাৰমাণৱিক বোমা পৰাৰ কল্পনা কৰা হৈছিল। আৰু সমগ্ৰ দেশতে চাইৰেন বজাই ব্লেক আউট কৰোৱা হৈছিল। ঠিক একেদৰে ১৯৪২ চনত কানাডাত ইফ ডে নামেৰে নকল নাজী আক্ৰমণৰ অভিনয় কৰি মানুহক যুদ্ধৰ ভয়াৱহতাৰ সৈতে মোকাবিলা কৰাৰ ট্ৰেইনিং দিয়া হৈছিল। ভাৰতেও এতিয়া এনে অনুশীলনৰ জৰিয়তে নিজৰ আভ্যন্তৰীণ প্ৰস্তুতিৰ পৰীক্ষা কৰিবলৈ সাজু হৈছে।

বিশেষকৈ পাকিস্তানৰ মিছাইল পৰীক্ষণে ভাৰতৰ চিন্তা বঢ়াই তুলিছে। যাৰ বাবে এই অনুশীলন কৰিবলৈ আগবাঢ়িছে ভাৰত চৰকাৰ। ভাৰতৰ গৃহমন্ত্ৰালয়ৰ এই আদেশৰ মাত্ৰ কেইঘণ্টামানৰ পূৰ্বে পাকিস্তানে ধাৰাবাহিকভাৱে দ্বিতীয়বাৰৰ বাবে মিছাইল পৰীক্ষণ কৰে। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে ইয়াক শক্তিশালী হাতত দেশৰ সুৰক্ষা বুলি অভিহিত কৰে। এই সকলোবোৰ ঘটনাই ভাৰত আৰু পাকিস্তানৰ মাজত যে উদ্বিগ্নতা বৃদ্ধি পাইছে তাৰেই ইংগিত প্ৰদান কৰিছে। সেয়ে এনে সময়ত মক ড্ৰিল পাকিস্তানৰ বাবে এটা সকিয়নী আৰু প্ৰস্তুতি দুয়োটাই বুলি ভাৱিব পাৰি।

গৃহ মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই মক ড্ৰিল কেৱল চহৰতে সীমাৱদ্ধ নাথাকে। গাঁৱতো ইয়াৰ অনুশীলন চলোৱা হব। ইয়াত জিলা প্ৰশাসন, স্থানীয় কৰ্তৃপক্ষ, হোমগাৰ্ডছ, এনচিচি, স্কুল-কলেজৰ শিক্ষাৰ্থীয়েও অংশগ্ৰহণ কৰিব।

মূলতঃ কাইলৈ হ’বলগীয়া মক ড্ৰীলৰ সময়ত কৰা হ’ব এনেধৰণৰ অনুশীলন-

  • বিমান আক্ৰমণৰ সতৰ্কীকৰণ ব্যৱস্থাৰ পৰীক্ষণ
  • যোগাযোগ ব্যৱস্থাৰ পৰীক্ষা
  • যাতে ভাৰতীয় বায়ুসেনাৰ সৈতে হটলাইন আৰু ৰেডিঅ’ যোগাযোগ ব্যাহত নহয়। জৰুৰীকালিন পৰিস্থিতিতো যাতে যোগাযোগ অব্যাহত থাকে তাৰ কাৰ্যক্ষমতা পৰীক্ষা কৰা হব।
  • নিয়ন্ত্ৰণ কক্ষৰ কাৰ্যক্ষমতা পৰীক্ষণ
  • নাগৰিক সুৰক্ষা প্ৰশিক্ষণ

এই মক ড্ৰিলৰ উদ্দেশ্য হৈছে নতুন আৰু জটিল পৰিস্থিতিত সুৰক্ষাৰ প্ৰতি ভাবুকি আহিলে প্ৰস্তুতি শক্তিশালী কৰা আৰু সমগ্ৰ দেশতে সতৰ্কতা বজাই ৰখা।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.