এজন প্ৰাক্তন বিদ্ৰোহী নেতাৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত হৈ আছে মেঘালয়। কেইবাটাও হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পাছত দেওবাৰে নিশা অচিনাক্ত দুৰ্বৃত্তৰ লক্ষ্য হৈ পৰে মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ বাসগৃহ । সৌভাগ্যক্ৰমে মুখ্যমন্ত্ৰী কনৰাড চাংমা চৰকাৰী বাসগৃহত থকাৰ বাবেই ৰক্ষা পৰে তেঁওৰ পৰিয়াল। ঘটনাৰ সময়ত মুখ্যমন্ত্ৰী গৰাকীৰ ব্যক্তিগত বাসগৃহত নাছিল কোনো লোক । বিগত ২৪ ঘণ্টাত সান্ধ্য আইন বলৱৎ থকাৰ পাছতো বহু বিক্ষিপ্ত ঘটনাই জোকাৰি গৈছে ৰাজ্যখন । উল্লেখ্যযোগ্য যে অগ্নিসংযোগৰ খবৰ লাভ কৰাৰ পাছতে ৰাজ্যখনৰ কেইবা ঠাইতো কৰ্তন কৰা দিয়া হৈছে ইন্টাৰনেট সেৱা।