সীমান্তত উলংঘা মানৱাধিকাৰ !

‘মানৱাধিকাৰ ভংগ কৰিছে অসম আৰক্ষীয়ে ‘-এই অভিযোগ মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ । অসম -মেঘালয় সীমান্তৰ গুলীচালনাৰ ঘটনাত অসম আৰক্ষীয়ে ভংগ কৰিছিল মানৱ অধিকাৰ। মঙলবাৰে সংঘটিত ঘটনাত মেঘালয়ৰ ৫জন লোক নিহত হৈছিল। অসমৰ এগৰাকী গৃহৰক্ষী জোৱানৰো মৃত্যু হৈছিল উক্ত ঘটনাত ।মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে উক্ত অঞ্চল মেঘালয়ৰ বুলি দাবী কৰিছিল আৰু তাৰ বিপৰীতে অসমৰ মুখ্যমন্ত্ৰীয়ে সেয়া অসমৰ ভূখণ্ডৰ অধীন বুলি দাবী কৰিছে। ভূখণ্ডক লৈ মেঘালয়ৰ মনোমালিন্য ১৯৭২ চনৰ ২১জানুৱাৰীতেই আৰম্ভ হৈছিল।শুকুৰবাৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ বিষয়াবৰ্গক সাক্ষাৎ কৰাৰ লগতে সাক্ষাৎ কৰিছিল অধ্যক্ষ অৰুণ মিশ্ৰক। এই সাক্ষাততে মুখ্যমন্ত্ৰীগৰাকীয়ে উক্ত গুলীচালনাৰ ঘটনাটোত মানৱাধিকাৰ আইন উলংঘন হোৱা বুলি প্ৰকাশ কৰিছিল।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296