মণিপুৰৰ বোমা বিস্ফোৰণত অসম ৰাইফলছৰ জোৱান নিহত…

Share This Article

বুধবাৰে, মণিপুৰত দুটাকৈ ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। বিগত দুটা মাহৰ ভিতৰত  চতুৰ্থটো বিস্ফোৰণ মণিপুৰত। বিস্ফোৰণত নিহত অসম ৰাইফলছৰ এজন জোৱান। মণিপুৰৰ থৌবাল জিলাৰ লিলং উছোইপোকপি সংগোমচাঙত সংঘটিত হৈছিল এই ঘটনা। দুটা শক্তিশালী আই ই ডি বিস্ফোৰণ হোৱাৰ ফলত অসম ৰাইফলছৰ এজন সৈনিক নিহত হোৱাৰ উপৰিও আন এজন জোৱান আহত হৈছে। আৰক্ষীয়ে মতে, অসম ৰাইফলছৰ ১৬ বেটেলিয়নৰ সৈন্যই ৰাজ্যখনৰ দক্ষিণ অংশৰ পাহাৰীয়া অঞ্চলত টহল দি থকাৰ সময়তে এই বিস্ফোৰণ সংঘটিত হয়। বিস্ফোৰণৰ ফলত নিহত হোৱা জোৱানজন অৰুণাচল প্ৰদেশৰ ৰাইফলমেন এল ৱাংচু বুলি চিনাক্ত কৰা হৈছে। আনহাতে ত্ৰিপুৰাৰ পিংকু দাস এই বিস্ফোৰণত আঘাতপ্ৰাপ্ত হৈছে। আহত পিংকুক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ঘটনাৰ সন্দৰ্ভত ৰুজু কৰা হৈছে গোচৰ। এই বিস্ফোৰণৰ কথা বৰ্তমানেও কোনো বিদ্ৰোহী সংগঠনে স্বীকাৰ কৰা নাই।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.