ৰাজ্যপালক টুইটাৰত কিয় ব্লক কৰিলে মমতা বেনাৰ্জীয়ে ?

Share This Article

ৰাজ্যপালক টুইটাৰত ব্লক কৰিলে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৷ সোমবাৰে সংবাদমেলত এই কথা নিজেই সদৰী কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তেওঁ কয় –‘মই ৰাজ্যপালক টুইটাৰত ব্লক কৰিছো ৷ ব্লক কৰিবলৈ বাধ্য হৈছো ৷’ মমতা বেনাৰ্জীয়ে লগতে কয় যে তেওঁৰ ওচৰত বহু ফাইল, বহু বিল জমা হৈ আছে ৷ যাৰ বাবে আমি তেওঁ সাক্ষাতো কৰিছোঁ ৷ কিন্তু কোনো লাভ নাই ৷ ৰাজ্যপাল ধনখড়ৰ বিৰুদ্ধে মমতা বেনাৰ্জীৰ পোনপটীয়া অভিযোগ – ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়া, পুলিচৰ সঞ্চালকৰ পৰা ডি চিলৈকে সকলোকে ৰাজ্যপালে ভাবুকি দি আছে ৷ হাইকোৰ্টৰ প্ৰধান ন্যায়াধীশৰ ফাইলো তেও আৱদ্ধ কৰি ৰাখিছে ৷ এইদৰেই এতিয়া পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু ৰাজ্যপাল ধনখড়ৰ বিতৰ্কই নতুন মাত্ৰা লাভ কৰিছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.