সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ৰাজ্যপালক টুইটাৰত কিয় ব্লক কৰিলে মমতা বেনাৰ্জীয়ে ?

ৰাজ্যপালক টুইটাৰত ব্লক কৰিলে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৷ সোমবাৰে সংবাদমেলত এই কথা নিজেই সদৰী কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তেওঁ কয় –‘মই ৰাজ্যপালক টুইটাৰত ব্লক কৰিছো ৷ ব্লক কৰিবলৈ বাধ্য হৈছো ৷’ মমতা বেনাৰ্জীয়ে লগতে কয় যে তেওঁৰ ওচৰত বহু ফাইল, বহু বিল জমা হৈ আছে ৷ যাৰ বাবে আমি তেওঁ সাক্ষাতো কৰিছোঁ ৷ কিন্তু কোনো লাভ নাই ৷ ৰাজ্যপাল ধনখড়ৰ বিৰুদ্ধে মমতা বেনাৰ্জীৰ পোনপটীয়া অভিযোগ – ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়া, পুলিচৰ সঞ্চালকৰ পৰা ডি চিলৈকে সকলোকে ৰাজ্যপালে ভাবুকি দি আছে ৷ হাইকোৰ্টৰ প্ৰধান ন্যায়াধীশৰ ফাইলো তেও আৱদ্ধ কৰি ৰাখিছে ৷ এইদৰেই এতিয়া পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু ৰাজ্যপাল ধনখড়ৰ বিতৰ্কই নতুন মাত্ৰা লাভ কৰিছে ৷

Leave A Reply

Your email address will not be published.