সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আফগানিস্তান সন্দৰ্ভত পাকিস্তানৰ প্ৰধানমন্ত্ৰীলৈ দিয়া চিঠিত কি লিখিলে মালালাই ?

আফগানিস্তানৰ মহিলা আৰু শিশুসকলক লৈ উদ্বিগ্ন হৈ পৰিছে ন’বেল শান্তি পুৰষ্কাৰ বিজয়ী মালালা ইউছফজাই ৷ বিশ্ব সম্প্ৰদায়ৰ নেতাসকলক তেও আফগানিস্তানৰ ওচৰত থিয় হোৱাৰ আহ্বান জনাইছে ৷ চিঠি লিখিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানলৈও ৷ চিঠিত তেও আফগান শৰণাৰ্থীসকলক পাকিস্তানত আশ্ৰয় দিয়াৰ বাবে আহ্বান জনাইছে ৷
৯/১১ ৰ আক্ৰমণৰ প্ৰতিশোধ ল’বলৈ আফগানিস্তানত নামিছিল আমেৰিকা ৷ সেই সময়ত আফগান যুদ্ধক দেশখনৰ মুক্তিৰ যুদ্ধ হিচাপে দাঙি ধৰা হৈছিল ৷ কিন্তু আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে এতিয়া নিজৰ দায় এৰাই কৈছে যে আফগানিস্তানৰ ৰাষ্ট্ৰ গঢ় দিয়াৰ দায়িত্ব আমেৰিকাৰ নহয় ৷ আমেৰিকাৰ এই স্থিতিক লৈ মালালাৰ স্পষ্ট মন্তব্য –‘বাইডেনে দায়িত্ব এৰাই চলিব নোৱাৰে ৷ বহুত কৰণীয় আছে তেওৰ ৷আফগানবাসীৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ আমেৰিকা আৰু সমগ্ৰ বিশ্বই সাহসী পদক্ষেপ ল’ব লাগিব ৷’
নাৰীশিক্ষাৰ পোষকতা কৰাৰ বাবেই ২০১২ চনত পাকিস্তানত মালালাক আক্ৰমণ কৰিছিল তালিবানে ৷মূৰত গুলী লগাৰ পাছতো কোনোমতে প্ৰাণ ৰক্ষা পৰা মালালা এতিয়া আন্তৰ্জাতিক ক্ষেত্ৰৰ এটা পৰিচিত নাম ৷ আফগানিস্তানৰ পৰিস্থিতিক লৈ উদ্বিগ্নতা ব্যক্ত কৰি তেও কয় ,’বিশেষকৈ মহিলা আৰু কণ কণ শিশুসকলক লৈ চিন্তা হৈছে ৷ তেওলোক দু:শ্চিন্তাৰ মাজত আছে ৷ ভৱিষ্যতত কি ৰৈ আছে , তেওলোকে বুজিবই পৰা নাই ৷’
পাকিস্তানৰ প্ৰধানমন্ত্ৰীলৈ লিখা চিঠি সন্দৰ্ভত মালালাই উল্লেখ কৰে –‘আফগান শৰণাৰ্থীসকলক আশ্ৰয় দিয়াৰ আহ্বান জনাইছো পাকিস্তানৰ প্ৰধানমন্ত্ৰীক ৷ শৰণাৰ্থী শিশুসকলে যাতে শিক্ষাৰ সুবিধা পায় , ,সেয়া নিশ্চিত কৰিবলৈ অনুৰোধ জনাইছো ৷ শিশুসকল নিৰাপদে থাকক , ভৱিষ্যত যেন হেৰুৱাই নেপেলায় ৷

Leave A Reply

Your email address will not be published.