উচ্চতম ন্যায়ালয়ত একনাথ সিন্দেৰ কি আবেদন : সঞ্জয় ৰাউটৰ ই ডিৰ চমন

Share This Article

মহাৰাষ্ট্ৰৰ ৰাজনীতি এতিয়া উচ্চতম ন্যায়ালয়ৰ মজিয়াত নিৰ্ণয় হ’ব। শিৱসেনাৰ ১৬ গৰাকী বিসম্বাদী বিধায়কক বিধানসভাৰ অধ্যক্ষই দিয়া কাৰণ দৰ্শোৱাৰ জাননী সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হৈছে একনাথ সিন্দে আৰু ১৫ গৰাকী বিধায়ক। উচ্চতম ন্যায়ালয়ত দাখিল কৰা আৱেদনত তেওঁলোকে উল্লেখ কৰিছে যে শিৱসেনাৰ ৩৮ গৰাকী বিধায়কৰ সমৰ্থন তেওঁলোকৰ লগত আছে। গতিকে উদ্ধৱ ঠাকৰে নেতৃত্বাধীন চৰকাৰখনে সংখ্যাগৰিষ্ঠতা হেৰুৱাইছে।
মহাৰাষ্ট্ৰৰ বিসম্বাদী শিৱসেনা বিধায়কসকলে গুৱাহাটীত বাহৰ পাতি থকাৰ সময়তে ইডিৰ চমনৰ সন্মুখীন হৈছে শিৱসেনাৰ জেষ্ঠ নেতা সঞ্জয় ৰাউট। ঠাকৰে পৰিয়ালৰ অতি ঘনিষ্ঠ নেতা সঞ্জয় ৰাউটক মঙলবাৰে ইডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে। মানি লণ্ডাৰিঙৰ এটা গোচৰ সন্দৰ্ভত তেওঁক ইডিয়ে চমন দিছে।
মহাৰাষ্ট্ৰত শিৱসেনা কংগ্রেছ আৰু এনচিপিৰ মিত্ৰজোঁটৰ চৰকাৰ অস্থিৰ কৰাৰ আঁৰত যে ই ডিৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে সেয়া যেন আকৌ এবাৰ পোহৰলৈ আহিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.