Investigative reporting with dedication.

ৰাজ্যৰ মাদ্ৰাছাসমূহ এতিয়াৰে পৰা সম্পূৰ্ণৰূপে বন্ধ হ’ব। শুকুৰবাৰে অসম চৰকাৰৰ মাদ্ৰাছা বন্ধৰ সিদ্ধান্তক চীল-মোহৰ মাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ২০২০ চনত অসম চৰকাৰে মাদ্ৰাছা শিক্ষা বন্ধৰ বাবে আনিছিল নতুন আইন। মাদ্ৰাছা-সংস্কৃত শিক্ষা বন্ধ কৰি সাধাৰণ শিক্ষানুষ্ঠানৰ শিক্ষালৈ পৰিৱৰ্তন কৰা লক্ষ্যৰে এই আইন গৃহীত কৰিছিল। এই আইন অনাৰ পাছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৰাজ্যত। চৰকাৰৰ এই আইনক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত ১৪ জন ব্যক্তিয়ে আৱেদন দাখিল কৰিছিল। কিন্তু অৱশেষত ন্যায়ালয়ে চৰকাৰী সিদ্ধান্তক মান্যতা প্ৰদান কৰি ৰাজ্যৰ মাদ্ৰাছা সমূহ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰে। ন্যায়ালয়ৰ এই ৰায়ক আদৰণি জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।




