সংসদত কোনে বেছি হাল্লা কৰে ? বিজেপিয়ে নে কংগ্ৰেছে ?

Share This Article

বিগত ১৯ জুলাইৰ পৰা আৰম্ভ হোৱা সংসদৰ বৰ্ষাকালীন অধিৱেশন বিৰোধীৰ প্ৰতিবাদৰ বাবে স্থবিৰ হৈ পৰিছে ৷ পেগাছাছ ছফটৱেৰৰ জড়িয়তে চোৰাংছোৱাগিৰি আৰু কৃষক আন্দোলনক কেন্দ্ৰ কৰি প্ৰতিদিনেই প্ৰতিবাদমুখৰ হৈছে কংগ্ৰেছকে ধৰি আন আন বিৰোধী দলসমূহ ৷ এনে পৰিস্থিতিত বিজেপি চৰকাৰে দোষাৰোপ কৰিছে বিৰোধী দলসমূহক ৷ বুধবাৰে ৰাজ্যসভাত চকুলো টুকিবলগীয়া হ’ল  অধ্যক্ষ ভেংকয়া নাইডুয়ে ৷ তেও বিৰোধীৰ আচৰণে ভাৰতীয় গণতন্ত্ৰৰ মন্দিৰক কলুষিত কৰা বুলি মন্তব্য কৰিছে ৷ কিন্তু বিজেপিৰ অভিযোগৰ মাজতে দ্য প্ৰিন্টত প্ৰকাশ পাইছে আন এক প্ৰতিবেদন ৷

কি এই প্ৰতিবেদন ?

গৱেষণাকাৰী স্বেচ্ছাসেৱী সংস্থা পি আৰ এছ লেজিছটেটিভ ৰিচাৰ্ছে শেহতীয়াকৈ কেতবোৰ গুৰুত্বপূৰ্ণ পৰিসংখ্যা প্ৰকাশ কৰিছে ৷য’ত ২০০৯ ৰ পৰা ২০১৩ পৰ্যন্ত ইউ পি এ চৰকাৰৰ দ্বিতীয় আমোলত সদনৰ কাম কাজৰ ওপৰত আলোকপাত কৰা হৈছে ৷ এই পৰিসংখ্যাক লৈ দ্য প্ৰিন্টে প্ৰকাশ কৰিছে এই বিশেষ প্ৰতিবেদন ৷

কি আছে প্ৰতিবেদনত ?

২০০৯ চনত মনমোহন সিঙ দ্বিতীয়বাৰ প্ৰধানমন্ত্ৰী হোৱাৰ সময়ত লোকসভাত ৯৩ শতাংশ সময় বিনা বাধাই সদনৰ কাম কাজ চলিছিল ৷ কিন্তু ২০১৩ চন পোৱাৰ লগে লগে সেয়া ৪৬ শতাংশলৈ হ্ৰাস পায় ৷ ৰাজ্যসভাত এই পৰিসংখ্যা ১০২ শতাংশৰ পৰা ২০১৩ চনত ৫৮ শতাংশলৈ অবনমিত হয় ৷২০১৪ চনত বিপুল সংখ্যাগৰিষ্ঠতাৰে নৰেন্দ্ৰ মোদী ক্ষমতালৈ অহাৰ পাছত পৰিস্থিতি উন্নত হয় ৷ ২০১৪ চনত লোকসভাত ৮৪ শতাংশ সময় বিনা বাধাই কাম কাজ চলিছিল ৷ ২০১৯ চনত সেয়া একেকোবে ১৫৩ শতাংশলৈ বৃদ্ধি পায় ৷ ২০১৪ পৰা ৰাজ্যসভাতো মসৃণ গতিত কাম কাজ চলিবলৈ লয় ৷ ২০১৯ চনত ৰাজ্যসভাত ১০০ শতাংশ সময় বিনা বাধাই কাম চলিছিল ৷ ২০২০ ত সেয়া সামান্য কমি ৯১ শতাংশ হয় ৷

বিৰোধীয়ে কি কয় ?

দ্য প্ৰিন্টৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছত বিৰোধী শিবিৰে কৈছে যে বিগত কেবা বছৰ ধৰি শাসক পক্ষই সংখ্যাৰ জোৰত এখনৰ পাছত সিখন বিল পাছ কৰি গৈছে ৷ বিৰোধীক আলোচনাৰ সময় পৰ্যন্ত দিয়া নাই ৷ একোখন বিলৰ নামত গড়ে ৭ মিনিটকৈ সময় ব্যয় কৰা হৈছে ৷ ভাৰতীয় সংসদৰ ইতিহাসত এয়া নজিৰবিহীন ঘটনা ৷

কেন্দ্ৰই কি কয় ?

কেন্দ্ৰীয় চৰকাৰৰ মতে বিৰোধীয়ে সংসদ অচল কৰি তোলাৰ পৰিপ্ৰেক্ষিতত ১৩০ কৌটিৰো অধিক ধনৰ অপচয় হৈছে ৷ এয়া চৰকাৰৰ মতে বিৰোধীৰ অনৈতিক আচৰণ ৷

বিৰোধীৰ প্ৰত্যুত্তৰ কি ?

কেন্দ্ৰৰ এনে অভিযোগৰ প্ৰত্যুত্তৰত বিৰোধীয়ে আগবঢ়াইছে প্ৰয়াত বিজেপি চৰকাৰৰ মন্ত্ৰী অৰুণ জেটলীৰ এটা মন্তব্য ৷ ২০১১ চনৰ ৩০ আগষ্টত অৰুণ জেটলীয়ে এইদৰে কৈছিল –“সংসদ সকলো বিষয়ৰ আলোচনাৰ ঠাই ৷কিন্তু অনেক সময়ত বহু গুৰুত্বপূৰ্ণ বিষয় এৰাই চলে সংসদে ৷ এনে পৰিস্থিতিত বিৰোধীয়ে যদি বাধাৰ সৃষ্টি কৰে , সেয়া গণতন্ত্ৰৰ বাবে শুভ লক্ষণ ৷”

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.