সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ভূমি কেলেংকাৰি- বাতিল হ’ল অযোধ্যাৰ অবৈধ ভূমি ক্ৰয়

দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানত পোহৰলৈ অহা ভূমি কেলেংকাৰিৰ দৰেই অনুৰুপ প্ৰায় আন এটা কেলেংকাৰি সংঘটিত হৈছিল অযোধ্যাত৷ ২০১৯ চনৰ ৯ নবেম্বৰত অযোধ্যাত ৰাম মন্দিৰ নির্মাণৰ পক্ষে ৰায়দান কৰিছিল উচ্চতম ন্যায়ালয়ে৷ এই ৰায়দানৰ পিছতেই অযোধ্যাত আৰম্ভ হৈছিল ভূমি ক্ৰয় অভিযান৷ স্থানীয় বিধায়কৰ পৰা আৰম্ভ কৰি মেয়ৰ,চক্ৰ বিষয়া,আৰক্ষী বিষয়া,ৰাজ্যিক তথ্য বিষয়া আৰ আৰক্ষী পৰিদর্শকৰ আত্মীয়কে ধৰি অযোধ্যাত শেহতীয়া সময়ত ভূমি ক্ৰয়ৰ ১৪ টা ঘটনা পোহৰলৈ আহিছিল ইণ্ডিয়ান এক্সপ্ৰেছৰ তথ্যত৷এই ভূমি ক্ৰয় অভিযান আৰম্ভ হৈছিল উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পিছত৷ উল্লেখনীয় কথাটো হল, এই ১৪ টা ভূমি ক্ৰয়ৰ ঘটনাৰ ভিতৰত পাঁচটাত দলিত বসতি গাঁওৰ ভূমিৰ অবৈধ হস্তান্তৰৰ তথ্য ফাদিল কৰিছিল ইণ্ডিয়ান এক্সপ্ৰেছে৷

চক্ৰ বিষয়া এম পি আগৰৱালৰ দুগৰাকী আত্মীয়ই একেটা দিনতে অযোধ্যাত ৩১ লাখ আৰু ১৫ লাখ টকাৰে ক্ৰয় কৰে দুটা প্লটৰ ভূমি৷ অযোধ্যাৰ মুখ্য ৰাজহ বিষয়াৰ আত্মীয়ই ২১ লাখ টকাৰে ক্ৰয় কৰে ভূমি৷ একেদৰে বিধায়ক ইন্দ্ৰ প্ৰতাপ তিয়াৰীয়ে নিজৰ নামত ক্ৰয় কৰে ৩০ লাখ টকা মূল্যৰ ভূমি৷ একেদৰে বিধায়ক গৰাকীৰ আন এজন আত্মীয়ই ক্ৰয় কৰে ৪৭ লাখ টকা মূল্যৰ আন এটা প্লটৰ ভূমি৷আন এগৰাকী বিধায়ক বেদ প্ৰকাশ গুপ্তাৰ আত্মীয়ই ১ কোটি ১৫ লাখ আৰু ৪ কোটি টকাৰ মূল্যৰ দুটা প্লটৰ ভূমি ক্ৰয় কৰে অযোধ্যাৰ ৰাম মন্দিৰ নির্মাণ থলীৰ ৫ কিলোমিটাৰ বাসার্ধৰ ভিতৰত৷
এই তালিকাত সোমাই আছে আৰক্ষী অয়ুক্ত দীপক কুমাৰ,অৱসৰপ্ৰাপ্ত আই এ এচ বিষয়া উমাধৰ দিবেদী,মেয়ৰ ৰিষিকেষ উপাধ্যায়, আৰক্ষী বিষয়া অৰবিন্দ চৌৰাচিয়া,ৰাজ্যিক তথ্য বিষয়া হৰর্ষবর্ধন শাহি,ৰাজহ বিষয়া বাদ্ৰি উপাধ্যায় আৰু সুধাংশু ৰঞ্জনৰ আত্মীয়ৰ নাম৷ এনেদৰে উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পিছত অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণ থলীৰ আশে পাশে ১৪ গৰাকী বিধায়ক,চৰকাৰী বিষয়াই ক্ৰয় কৰে ভূমি৷
কিন্তু ইয়াৰে চাৰিটা ভূমি ক্ৰয় প্ৰক্ৰিয়া অবৈধ বুলিও এতিয়া তথ্য ফাদিল হৈছিল ইণ্ডিয়ান এক্সপ্ৰেছৰ অনুসন্ধানত৷ উত্তৰ প্ৰদেশৰ ভূমি আইন অনুসৰি দলিত সম্প্ৰদায়ৰ নামত থকা কৃষি ভূমি অন্য সম্প্ৰদায়ৰ লোকে ক্ৰয় কৰিব নোৱাৰে৷ কিন্তু উত্তৰ প্ৰদেশৰ এখন দলিত গাঁওৰ পৰা ১৯৯২ চনত মহর্ষি ৰামায়ন বিদ্যাপীঠ ট্ৰাষ্টে ক্ৰয় কৰে ২১ বিঘা ভুমি৷এই ভূমি ক্ৰয় কৰা হয় ট্ৰাষ্টটোত কর্মৰত ৰংহাই নামৰ এজন দলিতৰ নামেৰে৷ ৰংহাইয়ে এই ভূমিখণ্ড ১৯৯৬ চনত দান কৰে মহর্ষি ৰামায়ন বিদ্যাপীঠ ন্যাসক৷ ইয়াৰ পিছতেই দলিতৰ পৰা ক্ৰয় কৰা এই ২১ বিঘা ভূমি নামজাৰি হয় ন্যাসৰ নামত৷ এই গাঁওখনো আছিল ৰাম মন্দিৰ নির্মাণ থলীৰ ৫ কিলোমিটাৰ বাসার্ধৰ ভিতৰত৷দলিত গাঁওৰ ভূমিৰ অবৈধ বিক্ৰীৰ বিৰুদ্ধে ইয়াৰ পিছতেই ৰুজু হয় গোচৰ৷ গোচৰ এতিয়াও বিচাৰাধীন৷ কিন্তু গোচৰ বিচৰাধীন অবস্থাত থকাৰ স্বত্বেও সেই ভূমিখণ্ড এতিয়া বিক্ৰী কৰিছে মহর্ষি ৰামায়ন বিদ্যাপীঠ ন্যাসে৷ উচ্চতম ন্যায়ালয়ৰ ৰাম মন্দিৰ নিমার্নৰ ৰায়দানৰ পিছতেই ন্যাসটোয়ে চাৰিজনকৈ চৰকাৰী বিষয়াৰ আত্মীয়ক বিক্ৰী কৰিলে ৰংহাইৰ জৰিয়তে ক্ৰয় কৰা ভূমি৷

- Donation -

দলিতৰ ভূমি অবৈধ বিক্ৰীৰ এই বিস্ফোৰক তথ্য ইণ্ডিয়ান এক্সপ্ৰেছে ফাদিল কৰিছিল বিগত বর্ষৰ ২২ ডিচেম্বৰত৷ইণ্ডিয়ান এক্সপ্ৰেছৰ তথ্য ফাদিলৰ পিছতেই ঘটনাৰ তদন্তৰ নিদের্শ দিছিল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে৷তদন্তৰ প্ৰতিবেদন দাখিলৰ পিছতেই এতিয়া ৰায়দান কৰি অযোধ্যাৰ এচিচটেন্ট ৰেকর্ড অফিচাৰৰ আদালতে অবৈধ ঘোষনা কৰিছে সেই ভূমি হস্তান্তৰ৷ৰাজহ আদালতখনৰ ৰায় অনুসৰি অযোধ্যাত সংঘটিত অবৈধ ভূমি হস্তান্তৰ বাতিল কৰা হৈছে৷ইণ্ডিয়ান এক্সপ্ৰেছৰ বাতৰি অনুসৰি এজন তেহচিলদাৰৰ ওপৰত ব্যবস্থা গ্ৰহনৰো নিদের্শ প্ৰদান কৰা হৈছে৷

Leave A Reply

Your email address will not be published.