কোনে চলাইছে কাজিৰঙাৰ কাঞ্চনজুৰি চাহ বাগিচাত বিভিন্ন নিৰ্মাণকাৰ্য?

Share This Article

কোনে চলাইছে কাজিৰঙাৰ কাঞ্চনজুৰি চাহ বাগিচাত বিভিন্ন নিৰ্মাণকাৰ্য? কালি অৰ্থাত বৃহস্পতিবাৰৰ দিনটোত বিধায়ক অখিল গগৈয়ে উচ্ছেদ সম্পৰ্কত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সুধিছিল কেইটামান প্ৰশ্ন। আৰু সেই প্ৰশ্ন কেইটা আছিল এই কাঞ্চনজুৰি চাহ বাগিচাক লৈ। যিসময়ত গুৱাহাটীৰ শিলসাকোত শিলসাঁকো বিল দখন কৰা বুলি অমানৱীয় উচ্ছেদ চলিছে সেই সময়ত আমি আপোনালোকক দেখুৱাবলৈ লৈছো কেইটামান উদ্বেগজনক দৃশ্য। গুৱাহাটীৰ উচ্ছেদ আৰু কাজিৰঙাৰ এখন বাগানক লৈ কালিৰ দিনটোত সৰব হোৱা দেখা গৈছিল অখিল গগৈক। অখিল গগৈয়ে অভিযোগ উত্থাপন কৰিছিল যে গুৱাহাটীত উচ্ছেদ চলোৱা মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কাজিৰঙাৰ এনিমেল কৰিডৰ দখল কৰি নিৰ্মাণ কাৰ্য চলাই আছে। কাঞ্চনজুৰি চাহ বাগিচাত এনিমেল কৰিডৰক বাধাগ্ৰস্ত কৰি হিমন্ত বিশ্ব শৰ্মাই এটা বিলাসী ৰিজৰ্ট নিৰ্মাণৰ অভিযোগ দীৰ্ঘদিনৰ পৰাই উত্থাপন হৈ আহিছে। কিন্ত সঁচাকৈ কাজিৰঙাৰ কাঞ্চনজুৰি চাহ বাগিচাত বেদখল চলিছে নেকি? কাঞ্চনজুৰি চাহ বাগিচাৰ এনিমেল কৰিডৰ অৰ্থাত জীৱ জন্ত অহা যোৱা কৰা বাটত কোনোবাই নিৰ্মাণ কাৰ্য বা বিলাসী ৰিজৰ্ট নিৰ্মাণ কৰিছে নেকি?
মন কৰক এই চেটেলাইট ইমেজলৈ।

 

এয়া কাঞ্চনজুৰি চাহ বাগিচাৰ ২০১১ চনৰ চেটেলাইট ইমেজ। ২০১১ চনৰ এই চেটেলাইট ইমেজত দেখা পোৱা গৈছে যে কাঞ্চনজুৰি চাহ বাগিচাত ২০১১ চনত কোনোধৰণৰ নিৰ্মাণ কাৰ্য চলা নাই। বেদখল বা নিৰ্মাণ কাৰ্যৰ পৰা সম্পূৰ্ণৰুপে মুকলি কাঞ্চনজুৰি চাহ বাগিচা।


এইখন কাঞ্চনজুৰি চাহ বাগিচাৰ ২০১৪ চনৰ চেটেলাইট ইমেজ। এই ইমেজতো দেখা পোৱা গৈছে যে ২০১৪ চনলৈকে কোনো নিৰ্মাণ কাৰ্য চলা নাই কাঞ্চনজুৰি চাহ বাগিচাত।
কিন্ত এইবাৰ মন কৰক এই ইমেজখনলৈ।

এয়া কাঞ্চনজুৰি চাহ বাগিচাৰ ২০১৫ চনৰ চেটেলাইট ইমেজ। ২০১৫ চনৰ এই চেটেলাইট ইমেজত দেখা পোৱা গৈছে কাঞ্চনজুৰি চাহ বাগিচাত এইসময়ত কিছু নিৰ্মাণ কাৰ্য হৈ উঠিছে। এয়া ইয়াত নিৰ্মাণ হৈ উঠিছে কাঞ্চনজুৰি শিৱ মন্দিৰ। ইয়াত ইংৰাজীত লিখা আছে কাঞ্চনজুৰি শিৱ টেম্পল। অৰ্থাত ২০১৫ চনত কাঞ্চনজুৰি চাহ বাগিচাত গঢ়ি উঠিল এটা শিৱ মন্দিৰ।


তাৰ পাছত এয়া ২০২২ চনৰ চেটেলাইট ইমেজ। ইয়াতো দেখা পোৱা গৈছে সেই শিৱ মন্দিৰটো আৰু লগতে আন কিছুমান নিৰ্মাণ কাৰ্য। অৰ্থাত কাজিৰঙাৰ কাঞ্চনজুৰি চাহ বাগিচাৰ এনিমেল কৰিডৰত যে কিছু নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছে সেয়া সত্য। সেয়া এই চেটেলাইট ইমেজতে ধৰা পৰে। কিন্ত বিধায়ক অখিল গগৈৰ অভিযোগ যে কাঞ্চনজুৰি চাহ বাগিচাৰ এনিমেল কৰিডৰ দখল কৰি নিৰ্মাণ কৰিছে এটা বিলাসী ৰিজৰ্ট। কাঞ্চনজুৰি বাগিচাৰ পথ লোকনিৰ্মাণৰ ধনেৰে বনোৱাৰো অভিযোগ অখিল গগৈৰ। কিন্তু অখিল গগৈৰ গুৰুতৰ অভিযোগৰ পাছতো এইমূহূৰ্তলৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। যদি সঁচাকৈ এয়া এনিমেল কৰিডৰ হয় তেনেহ’লে ইয়াত সম্পন্ন হোৱা নিৰ্মাণকাৰ্যৰ কেতিয়া উচ্ছেদ চলাব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে? যদি সঁচাকৈ বিধায়ক অখিল গগৈয়ে অভিযোগ অনাৰ দৰে কাঞ্চনজুৰি চাহ বাগিচাৰ এনিমেল কৰিডৰ দখল কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিলাসী ৰিজৰ্ট নিৰ্মাণ কৰিছে তেনেহ’লে এইক্ষেত্ৰত কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব হিমন্ত বিশ্ব শৰ্মাই?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.