Shame on your…মন্ত্ৰী বিমল বৰাৰ ওপৰত অভিনেতা কমল লোচনৰ ইমান খঙ কিয় ?

Share This Article

চেম অন ইয়ৰ ডিপাৰ্টমেন্ট – ৰাজ্যৰ শক্তিমন্ত্ৰী বিমল বৰাক উদ্দেশ্যি সামাজিক মাধ্যমত এইদৰে লিখিছে যুৱ প্ৰজন্মৰ এগৰাকী জনপ্ৰিয় অভিনেতা কমল লোচনে ৷ যুৱ অভিনেতাগৰাকীৰ প্ৰচণ্ড খঙ উঠিছে ৰাজ্য চৰকাৰৰ শক্তি বিভাগৰ বিৰুদ্ধে ৷ আচলতে  অসমৰ ভিন্ন প্ৰান্তত যোৱা কিছুদিন ধৰি ব্যাপক হাৰত লোড শ্বেডিঙ চলি আছে ৷ প্ৰচণ্ড গৰমৰ মাজত এনেদৰে সঘন বিদ্যুৎ কৰ্তন হৈ থকাৰ ফলত ৰাজ্যবাসীয়ে জীয়াতু ভুগিবলগীয়া হৈছে ৷ বহু নাগৰিকে সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দিছে ৷ কিন্তু সকলো ফুটুকাৰ ফেন ৷ এখন কানেৰে শুনি যেন সিখন কানেৰে উলিয়াই দিয়ে বিভাগটোৰ বিষয়া – কৰ্মচাৰীসকলে ৷ একেই অভিজ্ঞতাৰ সন্মুখীন হ’ল জনপ্ৰিয় অভিনেতা কমল লোচনো ৷ সেয়া আজি পুৱাই ফেচবুকযোগে শক্তি বিভাগ আৰু বিভাগীয় মন্ত্ৰীৰ বিৰুদ্ধে মুকলি ক্ষোভ উজাৰিলে অভিনেতাগৰাকীয়ে ৷ ফেচবুকত তেও এইদৰে লিখিলে –

 

BIMAL BORAH Sir, মই পূব শৰণীয়াত থাকো..

ইয়াত এদিন কাৰেণ্ট যোৱাটো বেলেগ কথা.. কিন্তু সদায় ৰাতিপুৱা 4/5 বজাতেই 2/3 ঘণ্টাৰ কাৰণে কাৰেণ্ট কিয় কটা হয় ???

আপোনাৰ ফেচবুক পেজৰ cover photo ত ‘কামেই পৰিচয়’ বুলি লিখা দেখিলো.. কি কমেণ্ট দিওঁ ভাবি পোৱা নাই.. কিবা এটা কৰক সোনকালে..

APDCLত কল কৰিলে কয়, maintenance চলি আছে.. সদায় সদায় কিডাল maintenance হে?? আনকি দিনটো বহুবাৰ কাটে.. যিবোৰ কাৰণ দিয়ে গ্রহণযোগ্য নহয়.. বৰষুণৰ এটা টোপাল মাটিত নপৰোতেই কিয় কাৰেণ্ট কাটি দিয়া হয় ?? যদি ইমানেই লোডশশ্বেদিংৰ পোকে ধৰিছে, যদি চৰকাৰৰ বিদ্যুৎ বিভাগৰ নামত পইচা নাই, সৌৰশক্তিৰ ব্যৱস্থা কৰক.. বিদ্যুৎ বিভাগ নামত আছে অসমত.. কামত নাই.. কি কৰিলে বিভাগটোৰ গা লৰিব বাৰু ??? Electricity Bill লোৱাৰ সময়ত লাজ নালাগে ???? Shame on your Department.”

 

কমল লোচন আৰু অসমৰ সৰহভাগ ৰাইজৰে খঙৰ কাৰণ আচলতে একেই হৈ পৰিছে ৷ সেয়ে , তেওৰ এই ফেচবুক পোষ্ট শ শ লোকে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.