কাবুল বিমানবন্দৰত কেনেকৈ মৃত্যু হ’ল ৭ গৰাকীকৈ আফগান নাগৰিকৰ?

Share This Article

তালিবানে ক্ষমতা দখল কৰাৰ সাতটাতকৈও অধিক দিন পাৰ হৈ যোৱাৰ পিছতো আফগানিস্তানত শাম কটা নাই উত্তেজনা। আজিৰ পৰা এসপ্তাহ পূৰ্বে তালিবান সশস্ত্ৰ বাহিনীয়ে ৰাজধানী কাবুলত প্ৰৱেশ কৰাৰ পিছতে তালিবানৰ কৱলৰ পৰা ৰক্ষা পাবলৈ দেশ এৰাৰ উদ্দেশ্যে হাজাৰ হাজাৰ আফগানী জনতাই ভিৰ কৰিছিল কাবুল বিমানবন্দৰত। ব্ৰিটিছ সামৰিক বাহিনীৰ ভাষ্য অনুসৰি তালিবানে আফগানিস্তান অধিগ্ৰহণৰ কৰাৰ পিছত প্ৰাণৰ ভয়ত দেশ এৰি পলায়ন কৰিবলৈ বিচৰা লোকসকলে কাবুল বিমানবন্দৰত বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰিছিল আৰু এই জনসমাগমত সাতজনকৈ আফগান নাগৰিক নিহত হৈছে।
এসপ্তাহ আগতে তালিবানে অধিগ্ৰহণ কৰাৰ পিছত আফগানিস্তানৰ ৰাজধানী চহৰত পৰিস্থিতিৰ অৱনতি ঘটি থকাৰ মাজতে ভাৰতে দেওবাৰে কাবুলৰ পৰা ১০৭ জন ভাৰতীয়সহ ১৬৮ জন লোকক IAFৰ সামৰিক পৰিবহন বিমানেৰে স্থানান্তৰিত কৰিছিল। তাজিকিস্তানৰ ৰাজধানী দুশানবেৰ পৰা আহি থকা ৮৭ জনীয়া আৰু দোহাৰ পৰা উৰা মৰা আন এটা ১৩৫ জনীয়া অৰ্থাৎ মুঠ দুটা ভাৰতীয় যাত্ৰীৰ দলক শনিবাৰে কাবুল বিমানবন্দৰৰ পৰা উদ্ধাৰ কৰা হৈছে। ইয়াৰ আগতে শনিবাৰে তালিবানে দুজন সংখ্যালঘু সংসদ প্ৰতিনিধি সহ অতিকমেও ৭২ জনকৈ শিখ আৰু হিন্দু আফগানীক দেশ এৰাত বাধা প্ৰদান কৰিছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.