Jorhat-Majuli Bridge: যোৰহাট-মাজুলী সংযোগী দলঙৰ বাবে আকৌ নিবিদা; ধনৰ পৰিমান কমাক লৈ সাংসদ গৌৰৱ গগৈৰ প্ৰশ্ন

Share This Article

মাজুলী বাসীৰ দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ অন্ত পেলাই বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰে যোৰহাট-মাজুলী সংযোগী দলঙ (Jorhat-Majuli Bridge)-ৰ পুনৰ নিবিদা মুকলি কৰে। ৬.৮১ কি:মি: দৈৰ্ঘ্যৰ দুইলেনযুক্ত এই দলংখনৰ বাবে ৬০০.৫১ কোটি টকাৰ নিবিদা মুকলি কৰে ভাৰত চৰকাৰৰ পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয়ে। এই কথা খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে ৰাজহুৱা কৰে।

ইয়াৰ পূৰ্বে এই দলং খনৰ ঠিকা লাভ কৰা ইউ পি ষ্টেট ব্ৰীজ ক’ৰ্পৰেচন লিমিটেড আৰু উপ-ঠিকা লাভ কৰা দুলীয়াজানৰ বড্ৰী ৰাই কোম্পানীৰ মাজত সংঘাতৰ সৃষ্টি হোৱাৰ ফলত আধাতে কাম সামৰি পলায়ন কৰে দুই ঠিকাদাৰী প্ৰতিষ্ঠানে। প্ৰায় এবছৰ ধৰি বন্ধ আছিল দলং খনৰ নিৰ্মাণৰ কাম। অৱশেষত কেন্দ্ৰীয় চৰকাৰে দলং খনৰ আধৰুৱা কাম সম্পূৰ্ণ কৰিবলৈ ৬০০.৫১ কোটি টকাৰ নিবিদাৰ আহ্বান কৰে।

কিন্তু কেন্দ্ৰীয় চৰকাৰে মুকলি কৰা এই নিবিদাক লৈ আৰম্ভ হৈছে বিতৰ্ক। কিয়নো অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগে দলঙ নিৰ্মাণৰ বাবে প্ৰস্তাৱ আগবঢ়োৱা ১,০১৯ কোটিৰ পৰিৱৰ্তে কেন্দ্ৰই মুকলাই দিলে ৬০০.৫১ কোটিৰ নিবিদা। এই সন্দৰ্ভত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে কেন্দ্ৰীয় চৰকাৰে মুকলি কৰা ধনৰাশিক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

“কেন্দ্ৰীয় পথ-পৰিবহণ মন্ত্ৰালয় আৰু লোক নিৰ্মাণ বিভাগৰ প্ৰস্তাৱৰ মাজত ইমান পাৰ্থক্য কিয়? কিয় লোক নিৰ্মাণ বিভাগে ৪০০ কোটি টকাৰ পাৰ্থক্য থকা এটা প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ পঠালে? যদি কেন্দ্ৰই ৬০০ কোটি টকাই দিছে তেন্তে বাকী ৪০০ কোটি টকা কোনে দিব?” সাংসদ গৌৰৱ গগৈৰ প্ৰশ্ন।

লগতে পঢ়ক: BTR Election: বিজেপি সাজু হ’ল, বিৰোধী ক’ত?

ইফালে গৌৰৱ গগৈৰ প্ৰশ্ন তথা মন্তব্যক কটাক্ষ মাজুলীৰ বিধায়ক ভূবন বামৰ। বিধায়ক বামে কয়, “ইমান এগৰাকী ডাঙৰ মানুহে জনাটো উচিত যে ইতিমধ্যে ৪০০ কোটিৰ কাম সম্পূৰ্ণ হৈছে সেয়েহে বাকী থকা ৬০০ কোটিৰ নিবিদা মুকলি কৰিছে কেন্দ্ৰই।”

এবাৰ হৈ যোৱা কামৰ পুনৰ টেণ্ডাৰ মুকলি কৰা প্ৰক্ৰিয়া যদি ভাৰতৰ বাহিৰত আছে তেন্তে মই নাজানো। কিন্তু ভাৰতত এবাৰ হৈ যোৱা কামৰ পুনৰ টেণ্ডাৰ মুকলি নহয় বুলি মই জানো বুলিও মন্তব্য বিধায়ক গৰাকীৰ।

ইফালে গৌৰৱ গগৈয়ে মাজুলীবাসীক প্ৰদান কৰা আঁচনিৰ ধনক লৈও কটাক্ষ বিধায়ক ভূৱন গামৰ।

এই দুই ৰাজনৈতিক নেতাৰ আক্ৰমণ-প্ৰত্যাক্ৰমণৰ মাজত মাজুলী বাসীৰ সপোন পূৰণ হ’বনে নে দুই ম’হৰ যুঁজত বিৰিণাৰ মৰণ হ’ব সেয়া বৰ্তমান সময়ত এক ডাঙৰ প্ৰশ্ন হিচাপে পৰিগণিত হৈছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.