জেএমএম নেতৃত্বাধীন হেমন্ত ছোৰেণৰ চৰকাৰ সোমবাৰৰ আস্থা ভোটত জয়ী

Share This Article

উৎফুল্লিত ছোৰেণ,হতাশ বিজেপি

৪৮ জন বিধায়কৰে সমৰ্থন ছোৰেণক

২৫ আগষ্টৰ পৰা অস্থিৰ ছোৰেণৰ চৰকাৰ

ঝাৰখণ্ড মুক্তি মৰ্চা নেতৃত্বাধীন হেমন্ত ছোৰেণৰ চৰকাৰে সোমবাৰৰ আস্থা ভোটত জয়ী হ’ল

জেএমএম নেতৃত্বাধীন ইউপিএ চৰকাৰৰ সকলো বিধায়কেই সমৰ্থন জনালে ছোৰেণৰ নেতৃত্বক

মুখ্যমন্ত্ৰী ছোৰেণে কয় যে বিজেপিয়ে বিধায়ক ক্ৰয়ৰ বাবে সকলো কৰিবলৈ সাজু আছিল৷

“বিৰোধীয়ে গণতন্ত্ৰ নিঃশেষ কৰিব বিচাৰিছে৷বিজেপিয়ে বিধায়ক ক্ৰয়ৰ বাবেও যোজা চলাইছিল৷আজি আমি সফল হ’ম”-এনেদৰে নিজৰ জয় সম্পৰ্কত নিশ্চিত আছিল মুখ্যমন্ত্ৰী ছোৰেণ

মুখ্যমন্ত্ৰী ছোৰেণে সদনত কয় “ বিগত ২৫ আগষ্টৰ পৰা নিৰ্বাচন আয়োগ আৰু ৰাজ্যপালে এক সংশয়ৰ বাতাবৰণ সৃষ্টি কৰি ৰাখিছিল৷”

হেমন্ত ছোৰেণে মুখ্যমন্ত্ৰী হিচাপেও এই সময়চোৱাত যথেষ্ট জটিল পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে৷

এটা খনি মুখ্যমন্ত্ৰী জনে নিজৰ নামত আৱণ্টন দিয়াক লৈ বিৰোধীয়ে তেওঁৰ বিধায়ক পদ খাৰিজৰ দাবী তুলিছিল বিগত ২৫ আগষ্টত৷

নিৰ্বাচন আয়োগতো এই বিষয়ে জনাইছিল বিৰোধী দলে৷

বিজেপিৰ বিধায়ক নীলকণ্ঠ মুণ্ডাই কয় “ঝাৰখণ্ডৰ জনতাই বিশ্বাস কৰিবলৈ বাধ্য হৈছে যে চৰকাৰখনে ভয় খাই আছে৷কোনো বিৰোধী,ন্যায়পালিকা অথবা ৰাজ্যপালে তেওঁলোকক আস্থা ভোটৰ কথা কোৱা নাছিল৷তেন্তে তেওঁলোকে কিয় ভয় খাব লাগে?ইয়াৰ পৰা এটা কথাই স্পষ্ট হৈছে যে চৰকাৰে তেওঁলোকৰ বিধায়ককেই বিশ্বাস নকৰে৷”

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.