সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

পুলৱামাত সেনাৰ হাতত নিহত ৩ জনকৈ সন্ত্ৰাসবাদী

আজি পুৱা জন্মু-কাশ্মীৰত সেনা আৰু আৰক্ষীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুটীয়া অভিযান চলায়। সেই অভিযানতেই পুলৱামাত সেনাৰ হাতত নিহত ৩ জনকৈ সন্ত্ৰাসবাদী। চলিত সপ্তাহত কাশ্মীৰত এয়া আছিল সন্ত্ৰাসবাদীৰ সৈতে হোৱা পঞ্চমটো সংঘৰ্ষ। ৫ টা সংঘৰ্ষত ৮ জনকৈ সন্ত্ৰাসবাদী নিহত হৈছে কাশ্মীৰত। নিহত হোৱা তিনিওজন সন্ত্ৰাসবাদী জৈশ-ই-মহম্মদৰ সদস্য বুলি সন্দেহ কৰা হৈছে। নিহত সন্ত্ৰাসবাদী কেইটাৰ পৰা সেনাই আমেৰিকাত নিৰ্মিত দুটা এম-৪ এছণ্ট ৰাইফলকে ধৰি বহু অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিছে। কাশ্মীৰৰ আই জি পি বিজয় কুমাৰে কয় যে, সন্ত্ৰাসবাদী সংগঠন জৈশ-ই-মহম্মদৰ তিনিজন সন্ত্ৰাসবাদী নিহত হৈছে। ইয়াৰৰ ভিতৰত এজন পাকিস্তানী নাগৰিকো আছে। দুটা এম-৪ কাৰ্বাইন আৰু এটা একে চিৰিজ ৰাইফলসহ আপত্তিজনক সামগ্ৰী, অস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হৈছে সন্ত্ৰাসবাদী কেইটাৰ হাতৰ পৰা।

Leave A Reply

Your email address will not be published.