IPS ৰ বিৰুদ্ধে গৰ্জন মুখ্যমন্ত্ৰীৰ

Share This Article

উল্লেখ্য যে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এনেদৰে ধমক দিছে এগৰাকী আইপিএছ বিষয়াক।আইপিএছ বিষয়া গৰাকীয়ে তেওঁৰ এগৰাকী জ্যেষ্ঠ বিষয়াৰ বিৰুদ্ধে টুইটাৰত অভিযোগ কৰিছিল।বিহাৰৰ অগ্নি নিৰ্বাপন বিভাগৰ IG বিকাশ বৈভৱে তেওঁৰ জ্যেষ্ঠ বিষয়া গৰাকীয়ে তেওঁৰ ওপৰত নিৰ্যাতন চলাই থকা বুলি টুইটাৰত মন্তব্য কৰিছিল।
টুইটাৰ আপডেটটোত আইপিএছ বিকাশ ভাৰ্গৱে লিখিছিল ‘ বিগত ১৮ অক্টোবৰত মোক হোমগাৰ্ড আৰু ফায়াৰ চাৰ্ভিছ বিভাগৰ IG ৰ দায়িত্ব দিয়া হৈছিল ।তেতিয়াৰ পৰাই মই মোৰ দায়িত্ব পালনৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আছোঁ৷কিন্তু ইয়াৰ পিছতো DG মেমে সদায় মই গালি খাই আহিছোঁ।’ইয়াৰ পিছতেই তেওঁ লৈ প্ৰেৰণ কৰা হয় কাৰণ দৰ্শোৱাৰ জাননী।সৰ্বভাৰতীয় সেৱাৰ অধীনৰ ৰোল,১৯৬৮ অনুসৰি বিষয়াগৰাকীয়ে চৰকাৰী চাকৰিৰ গোপনীয়তা ভংগ কৰিছে।তেওঁলৈ পঠিওৱা কাৰণ দৰ্শোৱা জাননীখনত উল্লেখ কৰা হৈছে ‘আপোনাৰ বাৰ্তাটো সামাজিক মাধ্যমত ভাইৰেল হৈছে।ইয়াৰ পৰা এইটো স্পষ্ট যে কাৰ্যালয়ৰ ভিতৰৰ বৈঠক আপুনি ৰেকৰ্ড কৰে৷ইয়াতেই আপোনাৰ নীচ মনোভাৱ প্ৰকাশ পাইছে।আপুনি কাৰ্যালয়ৰ গোপনীয়তাও ভংগ কৰিছে।’বিকাশ ভাৰ্গৱৰ বিৰুদ্ধে উঠা আন এক অভিযোগ হ’ল তেওঁ জ্যেষ্ঠ বিষয়াৰ বিৰুদ্ধে ভুৱা অভিযোগ তুলি ছ’চিয়েল মেডিয়াত হেয়প্ৰতিপন্ন কৰিব বিচাৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.