পৃথিৱীখন মানুহৰ বাবে বাসোপযোগী হৈ থাকিবগৈনে?

Share This Article

সোমবাৰে IPCC ৰ ৱৰ্কিং গ্ৰুপৰ এক প্ৰতিবেদন প্ৰকাশিত হৈছে। প্ৰতিবেদনখনে ভাৰতৰ বতৰ আৰু শতিকাৰ জলবায়ু সম্পৰ্কীয় বহুকেইটা উদ্বেগজনক তথ্য প্ৰকাশ কৰিছে। প্ৰতিবেদনখনত কোৱা হৈছে যে, পৰৱৰ্তী কেইটামান দশকত ভাৰতত তাপমাত্ৰা বৃদ্ধিৰ লগতে,খৰাং,ধাৰাষাণ বৰষুণ আৰু অধিক ঘূৰ্ণিবতাহৰ ঘটনা সংঘটিত হব।

ইয়াৰ উপৰিও ১৯৫ খন দেশৰ চৰকাৰৰ সহযোগত বিজ্ঞানীসকলে চূড়ান্ত কৰা ভৌতিক বিজ্ঞানৰ আধাৰত জলবায়ু পৰিৱৰ্তন ২০২১ শীৰ্ষক ইয়াৰ ষষ্ঠ মূল্যায়ন প্ৰতিবেদনত কোৱা হৈছে যে, ২১ শতিকাত তাপমাত্ৰা আৰু আদ্ৰতাৰ সঘনাই পৰিৱৰ্তন হব ৷ প্ৰতিবেদনতখনত এই শতিকাত মৌচুমী বতাহৰ ফলত হোৱা বৰষুন বৃদ্ধি হোৱাৰ কথাও সদৰী কৰা হৈছে।

ইফালে ১৮৫০ ৰ পৰা ১৯০০ চনৰ তুলনাত সাগৰীয় পৃষ্ঠৰ উষ্ণতা বৃদ্ধিৰ পৰিসংখ্যাও যঠেষ্ট উদ্বেগজনক। তাপমাত্ৰা বৃদ্ধি আৰু ঠাণ্ডা হ্ৰাস পোৱা পৰিঘটনা অনাগত দশকটোত অব্যাহত থাকিব বুলিও সদৰি কৰিছে প্ৰতিবেদনত। ইয়াৰো উপৰিও এচিয়াৰ বেছিভাগ ঠাইতে বৰষুণৰ মাত্ৰা বৃদ্ধি পাব এই সময়ছোৱাত।

কিন্তু কিয় হৈছে জলবায়ুৰ এই আমূল পৰিৱৰ্তন?প্ৰতিবেদন খনত কোৱা হৈছে বিংশ শতিকাৰ দ্বিতীয়াৰ্ধত দক্ষিণ আৰু দক্ষিণ পূৱ এছিয়াৰ মৌচুমী বায়ুৰ প্ৰভাৱ মানুহৰ কাৰ্যকলাপৰ বাবে দুৰ্বল হৈ পৰিছে। এয়া সেউজগৃহ গেছ আৰু এৰোচলৰ মিলিত প্ৰভাৱৰ ফলাফল ।

প্ৰতিবেদনখনত এগৰাকী IITM ৰ সদস্যই উল্লেখ কৰিছে যে, ভাৰতত জলচক্ৰৰ তীব্ৰ পৰিৱৰ্তন সংঘটিত হ’ব আৰু মৌচুমী জলবায়ুৰ প্ৰভাৱত অধিক বৰষুণ ঘণীভূত হ’ব। ইফালে তেওঁ উল্লেখ কৰিছে ভাৰত মহাসাগৰৰ সাগৰীয় অঞ্চলত তাপমাত্ৰা অন্যান্য অঞ্চলতকৈ বৃদ্ধি পাইছে। যিয়ে আন অঞ্চলবোৰকো প্ৰভাম্বিত কৰাৰ সম্ভাৱনা আছে।

দৰাচলতে পূৰ্বৰ তুলনাত ভাৰত মহাসাগৰৰ সাগৰীয় পৃষ্ঠৰ স্তৰ বাৰ্ষিক ৩.৭ মিটাৰ হাৰত বৃদ্ধি পাইছে। ফলত আগতে ১০০ বছৰত এবাৰকৈ সংঘটিত হোৱা সাগৰ পৃষ্ঠৰ চৰম ঘটনাবোৰ এতিয়া প্ৰতিবছৰে সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে। যিহেতু সাগৰ স্তৰৰ বৃদ্ধিয়ে ক্ষীপ্ৰতাৰে ইয়াৰ উপকূলীয় অঞ্চলত প্ৰভাব পেলায়, সেয়ে আগন্তুক দশকটোত এই ক্ষতি কিমান দূৰলৈকে শিপাব পাৰে এবাৰ কল্পনা কৰিবলৈও কঠিন৷

প্ৰতিবেদন খনত উল্লেখ কৰা অনুসৰি, অনাগত দশকটোত জলবায়ুৰ এনে আচম্বিত পৰিৱৰ্তনৰ ফলত গৰমৰ ঋতু ক্ৰমাত্ বৃদ্ধি পোৱাৰ পৰিৱৰ্তে হ্ৰাস পাব ঠাণ্ডাৰ ঋতু। ইফালে তাপমাত্ৰাই চৰম সীমা চোৱাৰ ফলত ইয়াৰ প্ৰভাৱ পোনপটীয়াকৈ পৰিব দেশৰ স্বাস্থ্য আৰু কৃষিখণ্ডত।ইয়াৰ ফলত চকুত লগাকৈ ভিন্ন ছবি দেখিবলৈ পোৱা যাব ভাৰতত। উচ্চ ঠাইত অধিক বৰষুণ দিয়াৰ বিপৰীতে উপ ক্ৰান্তীয় অঞ্চলত পৰিমিত বৰষুণৰো আকাল হব।

CEEW ৰ মুখ্য কাৰ্যবাহী বিষয়া ড০ অৰুনাভ ঘোষে কয়. ভাৰত হৈছে আটাইতকৈ দুৰ্বল জলবায়ুৰ দেশ সমূহৰ ভিতৰত অন্যতম। ইয়াৰ বাবে নাগৰিকৰ সামাজিক আৰু আচৰণগত পৰিৱৰ্তন খুবেই আৱশ্যক। জলবায়ু স্থিতিস্থাপক ভৌতিক আৰু ডিজিটেল আন্তঃগাঁঠনি নিৰ্মাণৰ ওপৰত গুৰুত্ব দিয়াটো এতিয়া খুৱেই প্ৰয়োজনীয় হৈ পৰিছে। এই পৰিৱৰ্তিত জলবায়ু আৰু ইয়াৰ প্ৰভাৱৰ পৰা বচাই চলিবলৈ এক  গোলকীয়া সংৰক্ষণ পুঁজি আৰু জীৱন বীমাত গুৰুত্ব দিব লাগে বুলিও মন্তব্য কৰে অৰুণাভ ঘোষে।

প্ৰশ্ন হয়, জলবায়ুৰ এই পৰিৱৰ্তনৰ প্ৰভাৱৰ সৈতে কিদৰে মোকাবিলা কৰিব মানৱ সমাজে ? প্ৰযুক্তি আৰু আধুনিকতাৰ দৌৰত চেঁকুৰি থকা মানৱ সমাজৰ পদক্ষেপ কি হব এই ক্ষেত্ৰত? কি দৰে মোকাবিলা কৰিব আমাৰ উত্তৰ প্ৰজন্মই? পৃথিৱীখন মানুহৰ বাবে বাসোপযোগী হৈ থাকিবগৈনে?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.