ৰক্তাক্ত স্বাধীনতা দিৱস : জাতীয় পতাকা উৰুওৱা বাবেই দুজনক হত্যা তালিবানৰ

Share This Article

১৯ আগষ্ট ৷ ১৯১৯ চনত এই দিনটোতেই আফগানিস্তানত ব্ৰিটিছ শাসনৰ অন্ত পৰিছিল ৷সেই অনুসৰি ১৯ আগষ্ট আফগানিস্তানৰ স্বাধীনতা দিৱস ৷ কাবুলত তালিবানে নিজৰ পতাকা উৰুৱাই স্বাধীনতা দিৱস পালন কৰাৰ বিপৰীতে বহু ঠাইত আফগান নাগৰিকে জাতীয় পতাকা লৈ সমদল উলিয়ায় ৷

আফগানিস্তানৰ পতাকা লৈ উলিওৱা সমদললৈ লক্ষ্য কৰি তালিবানে গুলীচালনা কৰে ৷ আছাদাবাদত সংঘটিত এই ঘটনাত কমেও দুজন লোক নিহত হোৱাৰ বাতৰি আহিছে ৷ স্থানীয় লোকে আল –জাজিৰাৰ আগত এই কথা নিশ্চিত কৰিছে ৷দেশখনৰ আন বহু ঠাইতো আফগান পতাকা উৰুওৱা লোকসকললৈ তালিবানে গুলীচালনা কৰিছে ৷

ইয়াৰ পূৰ্বে তালিবানে এক বিবৃতি জাৰি কৰি ১৯ আগষ্টৰ দিনটোত স্বাধীনতা দিৱসৰ লগতে আমেৰিকাক দেশৰ পৰা বিতাড়নৰ উংসৱো উদযাপন কৰা বুলি সদৰী কৰিছিল ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.