৫৭ খন দেশৰ সংগঠনে ক’লে – ভাৰত ঠেক মনোবৃত্তিৰ , নাকচ কৰিলে বিদেশ মন্ত্ৰালয়ে , কিন্তু কিয় ?

Share This Article

৫৭ খন দেশৰ সংগঠনে ক’লে – ভাৰত ঠেক মনোবৃত্তিৰ , নাকচ কৰিলে বিদেশ মন্ত্ৰালয়ে , কিন্তু কিয় ?
‘টাইমছ নাও’ চেনেলত বিজেপি মুখপাত্ৰ নুপূৰ শৰ্মাই পয়গম্বৰ মহম্মদ সন্দৰ্ভত কৰা অশালীন মন্তব্যৰ পাছতেই আন্ত:ৰাষ্ট্ৰীয় স্তৰত তীব্ৰ চাপৰ সন্মুখীন হৈছে ভাৰত ৷ কাটাৰ , কুৱেইটৰ দৰে দেশে ভাৰতক ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী উত্থাপণ কৰিছে ৷ চৌদী আৰৱ , আফগানিস্তানৰ উপৰিও ইছলামিক দেশসমূহৰ সংগঠন অৰ্গেনাইজেশ্যন অৱ ইছলামিক কো অপাৰেশ্যনে(অ’ আই চি) ভাৰতক এখন ‘অনুপযুক্ত আৰু ঠেক মনোবৃত্তি’ৰ দেশ বুলি অভিহিত কৰিছে ৷ ভাৰতে অ’ আই চিৰ এনে মন্তব্যৰ বিৰোধিতা কৰিছে ৷ ৫৭ খন দেশৰে গঠিত অ’ আই চিয়ে নিজৰ বিবৃতিত কয় যে ভাৰতত মুছলমানৰ প্ৰতি বৃদ্ধি পোৱা ঘৃণা আৰু মুছলমানৰ বিৰুদ্ধে ধাৰাবহিকভাৱে চলি অহা কাৰ্যকলাপৰ ফলতেই এনে অশালীন মন্তব্য প্ৰকাশ পাইছে ৷ মুছলমানৰ বিৰুদ্ধে হিংসাত্মক ঘটনা বৃদ্ধি পোৱাৰ উপৰিও হিজাব নিষিদ্ধ কৰা , মুছলমানৰ সম্পত্তি ধ্বংস কৰা আদি ঘটনাও ঘটিবলৈ লৈছে ৷ যাৰ প্ৰভাৱতে পয়গম্বৰ মহম্মদৰ প্ৰতিও অশালীন মন্তব্য প্ৰকাশ পাইছে ৷
অ’ আই চিৰ এই বিবৃতিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভাৰতৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে কয় যে ভাৰত চৰকাৰে পোনপটীয়াকৈ অ’ আই চিৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰকাশিত এনে বিবৃতি নাকচ কৰিছে ৷ ভাৰতে সকলো ধৰ্মৰ প্ৰতি সৰ্ব্বোচ্চ সন্মান প্ৰদৰ্শন কৰে বুলিও তেওঁ মন্তব্য কৰে ৷
পয়গম্বৰ মহম্মদক লৈ বিজেপি নেত্ৰীয়ে কৰা মন্তব্যৰ পাছত পাকিস্তানেও আন তিনিখন দেশৰ সৈতে নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.