সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

৫৭ খন দেশৰ সংগঠনে ক’লে – ভাৰত ঠেক মনোবৃত্তিৰ , নাকচ কৰিলে বিদেশ মন্ত্ৰালয়ে , কিন্তু কিয় ?

৫৭ খন দেশৰ সংগঠনে ক’লে – ভাৰত ঠেক মনোবৃত্তিৰ , নাকচ কৰিলে বিদেশ মন্ত্ৰালয়ে , কিন্তু কিয় ?
‘টাইমছ নাও’ চেনেলত বিজেপি মুখপাত্ৰ নুপূৰ শৰ্মাই পয়গম্বৰ মহম্মদ সন্দৰ্ভত কৰা অশালীন মন্তব্যৰ পাছতেই আন্ত:ৰাষ্ট্ৰীয় স্তৰত তীব্ৰ চাপৰ সন্মুখীন হৈছে ভাৰত ৷ কাটাৰ , কুৱেইটৰ দৰে দেশে ভাৰতক ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী উত্থাপণ কৰিছে ৷ চৌদী আৰৱ , আফগানিস্তানৰ উপৰিও ইছলামিক দেশসমূহৰ সংগঠন অৰ্গেনাইজেশ্যন অৱ ইছলামিক কো অপাৰেশ্যনে(অ’ আই চি) ভাৰতক এখন ‘অনুপযুক্ত আৰু ঠেক মনোবৃত্তি’ৰ দেশ বুলি অভিহিত কৰিছে ৷ ভাৰতে অ’ আই চিৰ এনে মন্তব্যৰ বিৰোধিতা কৰিছে ৷ ৫৭ খন দেশৰে গঠিত অ’ আই চিয়ে নিজৰ বিবৃতিত কয় যে ভাৰতত মুছলমানৰ প্ৰতি বৃদ্ধি পোৱা ঘৃণা আৰু মুছলমানৰ বিৰুদ্ধে ধাৰাবহিকভাৱে চলি অহা কাৰ্যকলাপৰ ফলতেই এনে অশালীন মন্তব্য প্ৰকাশ পাইছে ৷ মুছলমানৰ বিৰুদ্ধে হিংসাত্মক ঘটনা বৃদ্ধি পোৱাৰ উপৰিও হিজাব নিষিদ্ধ কৰা , মুছলমানৰ সম্পত্তি ধ্বংস কৰা আদি ঘটনাও ঘটিবলৈ লৈছে ৷ যাৰ প্ৰভাৱতে পয়গম্বৰ মহম্মদৰ প্ৰতিও অশালীন মন্তব্য প্ৰকাশ পাইছে ৷
অ’ আই চিৰ এই বিবৃতিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভাৰতৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে কয় যে ভাৰত চৰকাৰে পোনপটীয়াকৈ অ’ আই চিৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰকাশিত এনে বিবৃতি নাকচ কৰিছে ৷ ভাৰতে সকলো ধৰ্মৰ প্ৰতি সৰ্ব্বোচ্চ সন্মান প্ৰদৰ্শন কৰে বুলিও তেওঁ মন্তব্য কৰে ৷
পয়গম্বৰ মহম্মদক লৈ বিজেপি নেত্ৰীয়ে কৰা মন্তব্যৰ পাছত পাকিস্তানেও আন তিনিখন দেশৰ সৈতে নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ৷

Leave A Reply

Your email address will not be published.