সঁচাই ধৰ্মনিৰপেক্ষ নে ভাৰত, উদ্বিগ্ন বিশ্ব পাকিস্তান-আফগানিস্তানৰ লগত একে তালিকাত ভাৰতৰ নাম !

Share This Article

সঁচাই ধৰ্মনিৰপেক্ষ নে ভাৰত, উদ্বিগ্ন বিশ্ব
পাকিস্তান-আফগানিস্তানৰ লগত একে তালিকাত ভাৰতৰ নাম ! জুই-পানী নিষিদ্ধ কৰক মুছলমানক !
মাছ-মাংস নিকিনিব,শাক পাচলি নিকিনিব৷

বিজেপি সাংসদ পাৰভেজ চাহিব সিং বাৰ্মাই মুছলমানক সম্পূৰ্ণভাৱে ত্যাগ কৰিবলৈ ৰাজহুৱাকৈ আহ্বান জনোৱা বিষয়টোৱে সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ৷

ৰাজধানী দিল্লীত
এখন ৰাজহুৱা সভাত অংশ লৈ তেওঁ কৈছিল ‘তেওঁলোকৰ মূৰবোৰ স্থিৰ আৰু চিধা কৰি ৰাখিবলৈ দিয়া উচিত ‘
“ তেওঁলোকে শাকপাচলিৰ ব্যৱসায় কৰে,আপোনালোকে নিকিনিব৷তেওঁলোকে মাছ-মাংসৰ ব্যৱসায় কৰে,আপোনালোকে নিকিনিব৷তেওঁলোকৰ যদি অনুজ্ঞাপত্ৰ নাই তেন্তে তেনে দোকান বন্ধ কৰিবলৈ আমি পৌৰ নিগমক জনোৱা উচিত ”-এনেদৰে কয় সাংসদগৰাকীয়ে৷

“ আপোনালোকে তেওঁলোকক একেবাৰে বয়কট কৰিব বিচাৰেনে,যদি বিচাৰে,আপোনালোকে তেন্তে হাত দাঙক ”- এনেদৰে সাংসদ গৰাকীয়ে প্ৰশ্ন কৰাৰ লগে লগে সকলোৱে হাত দাঙে৷

“ মোৰ লগত আপোনালোকে কওক,আমি তেওঁলোকক বয়কট কৰিম”- এনেদৰে সাংসদ গৰাকীয়ে আহ্বান জনোৱাৰ পিছতে উপস্থিত জনতাই সমস্বৰে কয়“ আমি তেওঁলোকৰ দোকানৰ পৰা একো নিকিনো,আমি তেওঁলোকক একো কামো নিদিওঁ ৷”

উত্তৰ প্ৰদেশৰ বিজেপিৰ বিধায়ক নন্দ কিশোৰ গুজ্জৰো সেই একেখন সভাত উপস্থিত আছিল৷

সাংসদজনক ইণ্ডিয়ান এক্সপ্ৰেছৰ ফালৰ পৰা এই সভাত তেওঁ কৰা মন্তব্যৰ বিষয়ে সোধাত তেওঁ কয় “মই কোনো ধৰ্মাৱলম্বী লোকৰ নাম লোৱা নাই৷মই মাত্ৰ কৈছোঁ যিসকলৰ পৰিয়ালে এনেধৰণৰ হত্যা কৰে তেওঁলোকক বয়কট কৰা উচিত৷তেওঁলোকে যদি ৰেষ্টুৰেণ্ট বা আন কিবা ব্যৱসায় চলাই তেন্তে আমি তেওঁলোকক বয়কট কৰিব লাগে৷”

বহুতে প্ৰধানমন্ত্ৰী মোডী আৰু বিদেশ মন্ত্ৰী এছ জয়শংকৰক টুইটাৰত বাৰ্মাৰ ভাষণ টেগ কৰিছে৷অৱশ্যে বহুতে ইয়াৰ বিৰোধিতা কৰাৰ বিপৰীতে সমৰ্থন কৰা লোকো আছে৷

আনহাতে, হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেছীয়ে এটা ভিডিঅ’ শ্বেয়াৰ কৰি কয় “ বিজেপিয়ে মুছলমানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে৷তেওঁ অৱশ্যে গৃহমন্ত্ৰী অমিত শ্বাহৰ নীৰৱতা নীৰৱতা আৰু আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ কোনো প্ৰতিক্ৰিয়া ব্যক্ত নকৰাৰ বিষয়টো উল্লেখ কৰে৷”
“এজন যদি শাসক দলৰ সাংসদে ৰাজধানী দিল্লীত এনেধৰণৰ সংবিধান অৱমাননা কৰা বক্তব্য ৰাখে তেন্তে সংবিধানৰ মূল্য ক’ত থাকিল”-এনেদৰে কয় ওৱেছীয়ে৷

আনহাতে,কংগ্ৰেছৰ মুখপাত্ৰ শ্বামা মহম্মদে দিল্লী আৰক্ষীক বাৰ্মাৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণৰ আহ্বান জনাইছে৷“ বিজেপিৰ সাংসদ বাৰ্মাই দিল্লীতেই মুছলমানক বয়কট কৰাৰ আহ্বান জনাইছে৷দিল্লী আৰক্ষীয়ে এই মানুহজনৰ বিৰুদ্ধে কিবা পদক্ষেপ ল’বনে?প্ৰধানমন্ত্ৰী মোডীয়ে এই বিষয়ে কিবা ক’বনে?এইয়াই নেকি বিজেপিৰ চব কা চাথ চব কা বিকাশ নীতি?কিবা কওক?”- এনেদৰে শ্বামা মহম্মদে টুইটাৰত মোডীক টেগ কৰি প্ৰশ্ন কৰে৷
“ এতিয়ালৈকে ইয়াৰ বিৰুদ্ধে কোনো অভিযোগ পোৱা নাই৷তথাপিও আমি সভাখনৰ দৃশ্য সংগ্ৰহ কৰি পৰীক্ষা কৰিম”- এনেদৰে মন্তব্য কৰে এগৰাকী আৰক্ষী বিষয়াই ৷

সাংসদ জনৰ এই বক্তব্য এনেকুৱা এটা সময়ত ভাইৰেল হৈ পৰিছে যিটো সময়ত বিশ্ব দৰবাৰত ভাৰতৰ নিৰপেক্ষ স্থিতিক লৈ প্ৰশ্ন উঠিছে৷
আমেৰিকা চৰকাৰৰ ধৰ্মীয় স্বাধীনতা সম্পৰ্কীয়
আয়োগে বাইডেন প্ৰশাসনক ভাৰত,চীন,পাকিস্তান,আফগানিস্থান আৰু বিশ্বৰ আন ১১খন দেশক ‘ বিশেষভাৱে গুৰুত্ব দিব লগীয়া দেশৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে৷অৱশ্যে ভাৰতে এই তালিকা উদ্দেশ্য প্ৰণোদিত আৰু একপক্ষীয় বুলি অভিহিত কৰিছে

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.