সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

সঁচাই ধৰ্মনিৰপেক্ষ নে ভাৰত, উদ্বিগ্ন বিশ্ব পাকিস্তান-আফগানিস্তানৰ লগত একে তালিকাত ভাৰতৰ নাম !

সঁচাই ধৰ্মনিৰপেক্ষ নে ভাৰত, উদ্বিগ্ন বিশ্ব
পাকিস্তান-আফগানিস্তানৰ লগত একে তালিকাত ভাৰতৰ নাম ! জুই-পানী নিষিদ্ধ কৰক মুছলমানক !
মাছ-মাংস নিকিনিব,শাক পাচলি নিকিনিব৷

বিজেপি সাংসদ পাৰভেজ চাহিব সিং বাৰ্মাই মুছলমানক সম্পূৰ্ণভাৱে ত্যাগ কৰিবলৈ ৰাজহুৱাকৈ আহ্বান জনোৱা বিষয়টোৱে সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ৷

- Donation -

ৰাজধানী দিল্লীত
এখন ৰাজহুৱা সভাত অংশ লৈ তেওঁ কৈছিল ‘তেওঁলোকৰ মূৰবোৰ স্থিৰ আৰু চিধা কৰি ৰাখিবলৈ দিয়া উচিত ‘
“ তেওঁলোকে শাকপাচলিৰ ব্যৱসায় কৰে,আপোনালোকে নিকিনিব৷তেওঁলোকে মাছ-মাংসৰ ব্যৱসায় কৰে,আপোনালোকে নিকিনিব৷তেওঁলোকৰ যদি অনুজ্ঞাপত্ৰ নাই তেন্তে তেনে দোকান বন্ধ কৰিবলৈ আমি পৌৰ নিগমক জনোৱা উচিত ”-এনেদৰে কয় সাংসদগৰাকীয়ে৷

“ আপোনালোকে তেওঁলোকক একেবাৰে বয়কট কৰিব বিচাৰেনে,যদি বিচাৰে,আপোনালোকে তেন্তে হাত দাঙক ”- এনেদৰে সাংসদ গৰাকীয়ে প্ৰশ্ন কৰাৰ লগে লগে সকলোৱে হাত দাঙে৷

“ মোৰ লগত আপোনালোকে কওক,আমি তেওঁলোকক বয়কট কৰিম”- এনেদৰে সাংসদ গৰাকীয়ে আহ্বান জনোৱাৰ পিছতে উপস্থিত জনতাই সমস্বৰে কয়“ আমি তেওঁলোকৰ দোকানৰ পৰা একো নিকিনো,আমি তেওঁলোকক একো কামো নিদিওঁ ৷”

উত্তৰ প্ৰদেশৰ বিজেপিৰ বিধায়ক নন্দ কিশোৰ গুজ্জৰো সেই একেখন সভাত উপস্থিত আছিল৷

সাংসদজনক ইণ্ডিয়ান এক্সপ্ৰেছৰ ফালৰ পৰা এই সভাত তেওঁ কৰা মন্তব্যৰ বিষয়ে সোধাত তেওঁ কয় “মই কোনো ধৰ্মাৱলম্বী লোকৰ নাম লোৱা নাই৷মই মাত্ৰ কৈছোঁ যিসকলৰ পৰিয়ালে এনেধৰণৰ হত্যা কৰে তেওঁলোকক বয়কট কৰা উচিত৷তেওঁলোকে যদি ৰেষ্টুৰেণ্ট বা আন কিবা ব্যৱসায় চলাই তেন্তে আমি তেওঁলোকক বয়কট কৰিব লাগে৷”

বহুতে প্ৰধানমন্ত্ৰী মোডী আৰু বিদেশ মন্ত্ৰী এছ জয়শংকৰক টুইটাৰত বাৰ্মাৰ ভাষণ টেগ কৰিছে৷অৱশ্যে বহুতে ইয়াৰ বিৰোধিতা কৰাৰ বিপৰীতে সমৰ্থন কৰা লোকো আছে৷

আনহাতে, হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেছীয়ে এটা ভিডিঅ’ শ্বেয়াৰ কৰি কয় “ বিজেপিয়ে মুছলমানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে৷তেওঁ অৱশ্যে গৃহমন্ত্ৰী অমিত শ্বাহৰ নীৰৱতা নীৰৱতা আৰু আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ কোনো প্ৰতিক্ৰিয়া ব্যক্ত নকৰাৰ বিষয়টো উল্লেখ কৰে৷”
“এজন যদি শাসক দলৰ সাংসদে ৰাজধানী দিল্লীত এনেধৰণৰ সংবিধান অৱমাননা কৰা বক্তব্য ৰাখে তেন্তে সংবিধানৰ মূল্য ক’ত থাকিল”-এনেদৰে কয় ওৱেছীয়ে৷

আনহাতে,কংগ্ৰেছৰ মুখপাত্ৰ শ্বামা মহম্মদে দিল্লী আৰক্ষীক বাৰ্মাৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণৰ আহ্বান জনাইছে৷“ বিজেপিৰ সাংসদ বাৰ্মাই দিল্লীতেই মুছলমানক বয়কট কৰাৰ আহ্বান জনাইছে৷দিল্লী আৰক্ষীয়ে এই মানুহজনৰ বিৰুদ্ধে কিবা পদক্ষেপ ল’বনে?প্ৰধানমন্ত্ৰী মোডীয়ে এই বিষয়ে কিবা ক’বনে?এইয়াই নেকি বিজেপিৰ চব কা চাথ চব কা বিকাশ নীতি?কিবা কওক?”- এনেদৰে শ্বামা মহম্মদে টুইটাৰত মোডীক টেগ কৰি প্ৰশ্ন কৰে৷
“ এতিয়ালৈকে ইয়াৰ বিৰুদ্ধে কোনো অভিযোগ পোৱা নাই৷তথাপিও আমি সভাখনৰ দৃশ্য সংগ্ৰহ কৰি পৰীক্ষা কৰিম”- এনেদৰে মন্তব্য কৰে এগৰাকী আৰক্ষী বিষয়াই ৷

সাংসদ জনৰ এই বক্তব্য এনেকুৱা এটা সময়ত ভাইৰেল হৈ পৰিছে যিটো সময়ত বিশ্ব দৰবাৰত ভাৰতৰ নিৰপেক্ষ স্থিতিক লৈ প্ৰশ্ন উঠিছে৷
আমেৰিকা চৰকাৰৰ ধৰ্মীয় স্বাধীনতা সম্পৰ্কীয়
আয়োগে বাইডেন প্ৰশাসনক ভাৰত,চীন,পাকিস্তান,আফগানিস্থান আৰু বিশ্বৰ আন ১১খন দেশক ‘ বিশেষভাৱে গুৰুত্ব দিব লগীয়া দেশৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে৷অৱশ্যে ভাৰতে এই তালিকা উদ্দেশ্য প্ৰণোদিত আৰু একপক্ষীয় বুলি অভিহিত কৰিছে

Leave A Reply

Your email address will not be published.