সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ক’ৰোনাৰ নতুন ৰূপ , কাম নিদিব ভেকচিনে : হুৰ আশংকা

ক’ৰোনা ভাইৰাছৰ এটা নতুন ৰূপে চিন্তাত পেলাইছে বিশ্ব স্বাস্থ্য সংস্থাক ৷ কলম্বিয়াৰ কোভিড ৰোগীৰ দেহত ধৰা পৰা নতুন ৰূপৰ ক’ৰোনা ভাইৰাছবিধৰ নাম দিয়া হৈছে ‘মু’ ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ আশংকা – নতুন ৰূপৰ এই ভাইৰাছে ভেকচিনৰ কাৰ্যকৰীতাও হ্ৰাস কৰিব ৷

শুকুবাৰে প্ৰকাশিত হুৰ সাপ্তাহিক প্ৰতিবেদনত এই আশংকা ব্যক্ত কৰা হৈছে ৷ডেল্টা ভেৰিয়েন্টৰ দৰেই ‘মু’ ভেৰিয়েন্টকো ‘ভেৰিয়েন্ট অব কনচাৰ্ণ’ শ্ৰেণীত ৰখা হৈছে ৷

 

- Donation -

Leave A Reply

Your email address will not be published.