সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আমেৰিকাৰ ড্ৰোন আক্ৰমণত আফগানিস্তানত ৭ শিশু সহ একেটা পৰিয়ালৰে ১০ জন নিহত

আফগানিস্তানৰ কাবুল বিমানবন্দৰৰ সমীপত দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠন ISIS-খোৰাচানে সংঘটিত কৰা বোমা বিস্ফোৰণত ১৩ গৰাকী মাৰ্কিন নাগৰিকসহ প্ৰায় ১৭০ জন লোকৰ মৃত্যু হৈছিল। এই আক্ৰমণৰ প্ৰতিশোধ লবলৈ আমেৰিকাই ISIS-খোৰাচানৰ বিৰুদ্ধে ড্ৰোনেৰে অভিযান চলাইছিল। প্ৰাপ্ত খবৰ অনুযায়ী আমেৰিকাই ৰবিবাৰে সংঘটিত কৰা এটা ড্ৰোন আক্ৰমণত আফগানিস্তানৰ এটা পৰিয়ালৰ ৭ শিশু সহ ১০ জনকৈ সদস্যৰ মৃত্যু হৈছে। পেন্টাগনে ইতিমধ্যেই আমেৰিকাৰ ড্ৰোন আক্ৰমণত আফগানিস্তানৰ সাধাৰণ নাগৰিক নিহত হোৱাটো নিশ্চিত কৰিছে।

Leave A Reply

Your email address will not be published.