মোক তালিবানে হত্যা কৰা নাইঃ কোন সাংবাদিকে দিলে স্পষ্টীকৰণ?

Share This Article

আফগানিস্তানৰ টিভি চেনেল Tolo Newsৰ সাংবাদিক জিয়াৰ খান হত্যাৰ বাতৰিটোৱে ভাৰতকে ধৰি চুবুৰীয়া দেশসমূহত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল। কিন্তু এই বাতৰি ভাইৰেল হৈ পৰাৰ কিছু সময় পিছতে সাংবাদিকজনে টুইটাৰ যোগে স্পষ্ট কৰিছে যে তেওঁক তালিবান উগ্ৰপন্থীয়ে আক্ৰমণহে কৰিছিল। সংবাদ মাধ্যমে পৰিৱেশন কৰা হত্যাৰ খবৰটো মিছা আছিল।
কাবুলত বাতৰি সংগ্ৰহ কৰি থকা অৱস্থাত তালিবানে জিয়াৰৰ কেমেৰা কিম্বা মোবাইল আদি সামগ্ৰী কাঢ়ি লৈ গৈছিল। প্ৰাপ্ত তথ্য অনুযায়ী তালিবানী সন্ত্ৰাসবাদী কেইজনে এখন সু-সজ্জিত লেণ্ড ক্ৰুজাৰৰ পৰা নামি আহি বন্দুকৰ নলীৰে তেওঁলোকক আক্ৰমণ কৰিছিল। জিয়াৰে টুইটাৰত লিখিছে যে তেওঁ নাজানে তালিবানে কিয় এনে কৰিছিল! তালিবান নেতৃত্বক এই সম্পৰ্কে অৱগত কৰা হৈছে যদিও এতিয়ালৈকে কাকো গ্ৰেপ্তাৰ কৰা হোৱা নাই।
সাংবাদিক গৰাকীৰ মতে এয়া মত প্ৰকাশৰ স্বাধীনতাৰ ওপৰত এটা ভয়ংকৰ আক্ৰমণ। জিয়াৰৰ হত্যাৰ খবৰটো বহুকেইটা ভাৰতীয় টিভি চেনেলেও সম্প্ৰচাৰ কৰিছিল। অৱশ্যে পিছত সংবাদ মাধ্যম সমূহে বাতৰিটো প্ৰত্যাহাৰ কৰিছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.