পাকিস্তানী নেত্ৰীৰ দাবী : কাশ্মীৰ দখল কৰাত তালিবানে সহায় কৰিব পাকিস্তানক  

Share This Article

পাকিস্তানৰ শাসক দলৰ এগৰাকী নেত্ৰীৰ দাবী – আফগানিস্তান দখল কৰাত তালিবানক সহায় কৰিছে ইছলামাবাদে ৷ বিনিময়ত তালিবানে এইবাৰ কাশ্মীৰ দখল কৰি পাকিস্তানৰ হাতত তুলি দিব ৷

পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ দল তেহৰিক –ই – ইনছাফৰ নেত্ৰী নীলম ইৰছাদ শেখে এই মন্তব্য কৰাৰ পাছতে পাকিস্তানত নতুন ৰাজনৈতিক বিতৰ্ক সৃষ্টি হৈছে ৷

মঙলবাৰে পাকিস্তানৰ এটা টেলিভিছন বিতৰ্কত অংশ লৈ নীলমে কয়- ‘তালিবানে কৈছে যে তেওলোক আমাৰ লগত আছে আৰু কাশ্মীৰৰ মুক্তিৰ যুদ্ধত আমাক সহায় কৰিব ৷’

লগে লগে অনুষ্ঠানটোৰ পৰিচালকে নীলমক সুধিলে – ‘অপোনাৰ কোনোবা তালিবানৰ নেতাৰ লগত কথা হৈছে নেকি ? আপোনাৰ এই মন্তব্যৰ পাছতে ভাৰতীয় সংবাদ মাধ্যম সৰৱ হৈ উঠিব ৷ বিশ্বজুৰি এই অনুষ্ঠান সম্প্ৰচাৰ হৈ আছে ৷’

নীলমে তেতিয়াও নিৰ্বিকাৰ হৈ ক’লে –‘তালিবানে জনাইছে যে ভাৰতে কাশ্মীৰৰ লগত বেয়া ব্যৱহাৰ কৰিছে ৷সেইবাবে ভাৰতৰ হাতৰ পৰা কাশ্মীৰক মুক্ত কৰাৰ যুঁজত তালিবান সদায় পাকিস্তানৰ লগত থাকিব ৷’

আফগানিস্তানত তালিবানক পাকিস্তানে সহায় কৰিলেও সেয়া মুকলিভাৱে এতিয়াও স্বীকাৰ কৰা নাই ৷ আনকি তালিবানে ক্ষমতা দখল কৰাৰ পাছতো ইমৰান খানে কেৱল কৈছিল-‘দাসত্বৰ শৃংখল ভাঙিলে আফগান জনতাই ৷’তেও তালিবানৰ নাম পৰ্যন্ত লোৱা নাই ৷এনে পৰিস্থিতিত নীলমৰ মন্তব্যই অস্বস্তিত পেলাইছে পাকিস্তান চৰকাৰক ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.