সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মেক্সিকোত ড্ৰাগছ সৰবৰাহকাৰীৰ গুলীত নিহত হিমাচলৰ ট্ৰেভেল ব্ল’গাৰ

মেক্সিকোত ড্রাগছ সৰবৰাহকাৰী চক্রৰ মাজত হোৱা গুলীচালনাৰ ঘটনাত নিহত হৈছে হিমাচলৰ এগৰাকী ট্রেভেল ব্ল’গাৰ ৷ নিহত ২৫ বছৰীয়া অঞ্জলি ৰায়ট নামৰ যুৱতীগৰাকীয়ে কেলিফ’র্নিয়াৰ ছান জোছত বাস কৰিছিল৷ উল্লেখনীয় যে অন্য এগৰাকী পর্যটকৰ সৈতে কেৰিবিয়ান ৰিজ’ট টুলুমলৈ গৈছিল অঞ্জলি৷ কেলিফ’র্নিয়াৰ সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি ২২ অক্টোবৰত নিজৰ জন্মদিন পালন কৰিবলৈ অঞ্জলি মেক্সিকোত উপস্থিত হৈছিল৷ তেতিয়াই দুই ড্রাগছ সৰবৰাহকাৰী চক্রৰ মাজত হোৱা গুলীচালনাৰ ঘটনাত অঞ্জলি আৰু জার্মান পর্যটক এগৰাকী নিহত হৈছিল৷ ইতিমধ্যেই হিমাচলৰ এই ২৫ বছৰীয়া যুৱতীগৰাকীৰ মৃত্যুৰ সংবাদ পৰিয়ালেও সদৰী কৰিছে৷ বিদেশী ৰাষ্ট্ৰত ভাৰতৰ কন্যাৰ অপমৃত্যুত এতিয়া শোকৰ ছাঁ পৰিছে হিমাচল প্ৰদেশত।

Leave A Reply

Your email address will not be published.