Investigative reporting with dedication.

বৃহস্পতিবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সাক্ষাৎ কৰে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছক। কমলা হেৰিছৰ সৈতে গণতন্ত্ৰ, সন্ত্ৰাসবাদ আৰু জলবায়ু পৰিৱৰ্তনসহ কেইবাটাও বিষয়ত আলোচনা কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।
হেৰিছে ভাৰতক আমেৰিকাৰ স্বাভাৱিক মিত্ৰ বুলি উল্লেখ কৰাৰ পিছতে উৎসাহিত হৈ পৰিছে দেশৰ একাংশ জনতা। এই বৈঠকতে মোদীয়ে হেৰিছক কয় – মোৰ বিশ্বাস আছে যে ৰাষ্ট্ৰপতি জো বাইডেন আৰু এই অভাজনৰ নেতৃত্বত ভাৰত আৰু আমেৰিকাৰ দ্বিপাক্ষিক সম্পৰ্কই নতুন শিখৰত উপনীত হ’ব।




