তালিবানৰ দখলত আফগানিস্তান : ইয়াৰ পাছত কি ?

Share This Article
  • বিপুল কলিতা

এনে খুব কম মানুহ ওলাব , যিয়ে সন্ত্ৰাস আৰু বৰ্বৰতাৰ সমাৰ্থক শব্দ হৈ পৰা তালিবানৰ নাম শুনা নাই। ইছলামিক “শৰিয়া” আইনক  কঠোৰভাৱে প্ৰয়োগ কৰাৰ লক্ষ্যৰে,  স্থানীয়  আফগানসকলক ১৯৯৬ চনৰ পৰা ২০০১ চনলৈ তালিবান আৰু তেওঁলোকৰ মিত্ৰশক্তিয়ে কৰা  গণহত্যা আৰু অত্যাচাৰ আধুনিক  মানৱ ইতিহাসৰ ক’লা অধ্যায় । আমেৰিকা তথা ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপত বিশবছৰ আগতে সেই  স্বৈৰাচাৰী শাসনৰ অন্ত পৰিল বুলি বিশ্ববাসী তথা ভাৰত, ৰাছিয়া , মধ্যপ্ৰাচ্য আৰু আমেৰিকাকে ধৰি অন্যান্য দেশসমূহে স্বস্তিৰ নিশ্বাস পেলাইছিল যদিও যোৱা জুলাই মাহৰ পৰা হঠাৎ আফগানিস্তানত তালিবানৰ অগ্ৰগতি  আৰু “আফগান নেচনেল আৰ্মী” ৰ নিষ্প্ৰভ প্ৰতিৰোধে বিশ্বৰ প্ৰতিৰক্ষা আৰু নিৰাপত্তা নীতি বিশ্লেষকসকলৰ চকু থৰ কৰিলে।ইয়াৰ  মূলতে হল তালিবানীসকলক দমন কৰি  বিশটা বছৰে তাত খোপনি  পুতি থকা মাৰ্কিন আৰু NATO সেনাবাহিনীক  আফগানিস্তানৰ পৰা  প্ৰত্যাহাৰ কৰাৰ   সিদ্ধান্ত।  তাৰ লগে লগেই  মাথো   দুটা মাহৰ  ভিতৰতে  তালিবানে আফগানিস্তানৰ বহু  জিলাত নিয়ন্ত্ৰণ বঢ়াই গ’ল   আৰু পোনে পোনে  মূখ্য চহৰ  ‘বদঘিছ’ দখল কৰে  ।বহু আফগান সৈন্যই প্ৰায় নিৰ্বিৰোধে  উগ্ৰপন্থী  সকলৰ ওচৰত আত্মসমৰ্পণ কৰে। তাৰ পিছত  কালা-ই-নাও, ,বাদখশ্বান, তাখৰ আদি  দখল কৰাৰ পিছত যোৱা ১৫ আগষ্টত দিনা ৰাজধানী কাবুল দখল কৰা আৰু ৰাষ্ট্ৰপতি  আশ্ৰফ  গানীয়ে  দেশ এৰি  ছত্ৰভংগ দিয়াৰ লগে লগে, তালিবানী অন্ধকাৰ যুগৰ পুন: প্ৰতিষ্ঠাৰ মোহৰ লগা বুলি কব পাৰি।খোদ আমেৰিকাই ইমান শীঘ্ৰে যে তালিবানে আফগানিস্তানৰ শাসন যন্ত্ৰ ওফৰাই পেলাব সেয়া ভৱা নাছিল বুলি স্বীকাৰ  কৰিছে। কিন্তু কোনো স্থায়ী সমাধান নকৰাকৈ, আফগানিস্তানৰ মাটিত দুটা  দশক ধৰি মেলি থোৱা নিজৰ সৈন্য লৈ যোৱাৰ  সিদ্ধান্তত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কোনো ভুল নাই বুলিও  দোহাৰিছে ।  তালিবানৰ এই উত্থানে  চেচেন, উজবেক আৰু উইগুৰ  উগ্ৰপন্থীসকলৰ সৈতে মিলিত হৈ  ৰাছিয়া, চীন, ইৰাণ আৰু ভাৰতৰ প্ৰতি  ৯০ দশক সদৃশ  ভাবুকিৰ সৃষ্টিৰ  সম্ভাৱনা এতিয়া বিশ্ব কূটনেতিক মহলৰ আলোচনাৰ বিষয়। সেয়া আছিল এনে এছোৱা সময়  , যত  ভাৰত আৰু আমেৰিকা  বহ কেইটা ৰক্তাক্ত সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হব লগা হয়।  ওছামা বিন্ লাদেনৰ দৰে  উগ্ৰপন্থী নেতাক  হত্যা কৰি আৰু আল্ কাইদাক আফগানিস্তানৰ বাহিৰ কৰি দি  আমেৰিকাই নজিৰ সৃষ্টি কৰে সেই দশকতে।

শেহতীয়াকৈ  আফগানিস্তানত  পুলিৎজাৰ বঁটা বিজয়ী ভাৰতীয় সাংবাদিক মুম্বাইৰ দানিছ চিদ্দিকী হত্যা  বলি হয়। ১৫ বছৰীয়া ছোৱালী আৰু ৪৫ বছৰলৈকে বিধৱাসকলক তালিবানী সেনাৰ  স’তে বিয়াত বহিবলৈ তালিবানে দিয়া জাননীত  সন্ত্ৰস্ত  নাগৰিক আৰু মহিলা সকলে  দেশ এৰি পলাবৰ বাবে একমাত্ৰ  সুৰক্ষিত  থৈ থকা বিমানবন্দৰত আজি  হেতা ওপৰা লগাইছে । আফগান  জনসংযোগ বিভাগৰ  মুৰব্বী  “দাৱা খান”ক  তালিবানে  হত্যা কৰিছে । বিগত সময়ত তালিবানী বৰ্বৰতা বলি হোৱা, আফগান কন্যা, “মলালা ইউছুফজাই”য়ে  তেওঁৰ নবেল বিজয়ী কিতাপ “আই এম মলালা” ত বৰ্ননা কৰা ভয়ানক   অভিজ্ঞতাৰ কথা  মানুহৰ মনত  পুনৰুজ্জীৱিত হৈ উঠিছে । ঘটনাক্ৰমে, পাকিস্তানতো মালালাৰ কাহিনী থকা  অধ্যায়বোৰ পাঠ্যক্ৰমৰ পৰা আঁতৰাই দিয়া হৈছে আৰু ” মলালা “ৰ আন কিতাপবোৰৰ প্ৰকাশকসকলক ৰাজহুৱাভাৱে অত্যাচাৰ আৰু অপমানিত কৰা হৈছে।  পাকিস্তানত আফগানিস্তানৰ ৰাজদূত নাজিবুল্লাৰ কন্যাক  অপহৰণ আৰু অত্যাচাৰ কৰি মুকলি কৰি দিয়ে যদিও নিতৌ এনে  নতুন ঘটনা পোহৰললৈ  আহিছে।

ভাৰত, ৰাছিয়া,  ইউৰোপ, ফ্ৰান্স আৰু আমেৰিকাকে ধৰি অন্যান্য ৰাষ্ট্ৰসমূহে নিজ নিজ নাগৰিকক স্বদেশলৈ অনাৰ বাদে আৰু  কূটনেতিক সহানুভূতি প্ৰদৰ্শন কৰাৰ বাদে এই মূহুৰ্তত বিশেষ একো কৰিব পৰা নাই। তাত্পৰ্য্যপূৰ্ণভাৱে ভাৰতৰ চিৰবৈৰী পাকিস্তান আৰু  যেতিয়াই তেতিয়াই লুটি বাগৰ মাৰি থকা ৰঙা চীনে নতুন তালিবানক সঁহাৰি জনোৱাৰ ইংগিতে  সমগ্ৰ  এছিয়াৰ  ৰাজনৈতিক বতাহজাক  গৰম কৰি তুলিছে।  বহু  আফগান নেতাই তালিবানৰ আগ্ৰাসনৰ বাবে  প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে  সন্ৰাসবাদৰ  গৃহভুমি বুলি  অপযশ  থকা   পাকিস্তানকো  দোষী সজাইছে।

ভাৰতকে ধৰি প্ৰতিবেশী দেশত আফগান ভগনীয়াৰ ভিৰ লগাটো স্বাভাৱিক। তাতে “কা” আইনৰ জৰিয়তে ইতিমধ্যেই আফগানিস্তানত থকা ভাৰতীয় মুলৰ লোকসকল ভাৰতীয় নাগৰিকত্বৰ দাবীদাৰ আৰু অন্য ধৰ্মৰ লোকসকলৰ ওপৰতো ভাৰত চৰকাৰে গুণাগথা কৰাৰ বাতৰিও আহিছে । ভাৰতত বিশেষত: মুম্বাই আৰু পুণেত উচ্চ  শিক্ষা গ্ৰহণ কৰি থকা প্ৰায়  দহ হেজাৰৰ অধিক আফগান যুৱক যুৱতী প্ৰত্যাবৰ্তনৰ কথা ভাৱি শংকিত হৈ উঠিছে আৰু ” ভিজা”ৰ ম্যাদ বৃদ্ধি কৰা অথবা স্থায়ী সংস্থাপনৰ  বাবে ভাৰত চৰকাৰক আবেদন জনোৱাৰ কথা চিন্তা কৰিছে । ৰাষ্ট্ৰসংঘই মানৱ অধিকাৰ  খৰ্ব নহ’বৰ বাবে নতুন তালিবানক উপদেশ অথবা সঁকীয়নি দিয়াৰ বাদে বিশেষ একো ভুমিকা লব পৰা নাই। ফ্ৰান্স, ইউৰোপ, ৰাছিয়াইও  বিষয়টোৰ পৰা এক নিৰাপদ দুৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিছে

আফগানিস্তানৰ ওপৰত এতিয়া সমগ্ৰ বিশ্বৰ দৃষ্টি নিৱদ্ধ যদিও কোনো দেশেই আফগান নাগৰিকৰ সুৰক্ষা , নিৰাপত্তা আৰু অধিকাৰৰ বাবে ফলপ্ৰসূ পদক্ষেপ ল’ব পৰা নাই ৷গতিকে ইয়াৰ পাছত আফগানিস্তানত কি পৰিস্থিতিৰ সৃষ্টি হয় , সেয়া এতিয়াও এক অনিশ্চয়তাৰ বিষয় ৷

(প্ৰকাশিত তথ্য আৰু মন্তব্য লেখকৰ নিজা ৷ )

 

 

 

 

 

 

 

 

 

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.