নাগপুৰত ১১ বছৰে কি কৰিছিল তালিবান যোদ্ধাই ?

Share This Article

১১ বছৰ ধৰি নাগপুৰত অবৈধভাৱে বসবাস কৰিছিল এজন তালিবান যোদ্ধাই ৷ এই তালিবান যোদ্ধাৰ ফটো শেহতীয়াকৈ পোহৰলৈ অহাৰ পাছত হতচকিত হৈ পৰিছে দেশৰ নিৰাপত্তা সংস্থাসমূহ

অফগানিস্তানত তালিবান শাসনলৈ অহাৰ পাছতে বহু তালিবান যোদ্ধাৰ ফটো প্ৰকাশ পাইছে ৷ তাৰ মাজৰ এজন হ’ল ৩০ বছৰীয়া নুৰ মহম্মদ আজিজ মহম্মদ ৷ হাতত ৰাইফল লৈ তহল দিছে কাবুলৰ ৰাজপথত ৷এই ফটোখন দেখি হতবাক হৈ পৰে নাগপুৰৰ আৰক্ষী ৷ কিয়নো এইজন নুৰ মহম্মদে দীৰ্ঘদিন ধৰি নাগপুৰত বসবাস কৰিছিল ৷দিঘোৰি অঞ্চলৰ এটা ভাৰাঘৰত বসবাস কৰা নুৰৰ গতিবিধিৰ ওপৰত সন্দেহ হোৱাত আৰক্ষীয়ে নজৰ ৰাখিবলৈ আৰম্ভ কৰে ৷ নুৰ ক’লৈ যায় , কাক অনুসৰণ কৰে ,নেট মাধ্যমত কি চায় , এই সকলোবোৰ নীৰিক্ষণ কৰাৰ পাছত এদিন নাগপুৰ আৰক্ষীয়ে তেওক গ্ৰেপ্তাৰ কৰে ৷ যোৱা ২৩ জুনত নুৰ মহম্মদক আফগানিস্তানলৈ ঘূৰাই পঠিওৱা হয় ৷

নাগপুৰত ১১ বছৰ কাল কটোৱাৰ পাছত নুৰে দেশলৈ উভতি গৈয়েই তালিবানত ভৰ্তি হোৱাৰ সন্দেহ কৰা হৈছে ৷

২০১০ চনত ৬ মাহৰ এখন পৰ্যতক ভিছা লৈ ভাৰতত প্ৰৱেশ কৰিছিল নুৰ মহম্মদ ৷ ভাৰতত শৰনাৰ্থীৰ মৰ্যদা দিবলৈ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ ওচৰত আবেদনো জনাইছিল ৷ কিন্তু সেই আবেদন খাৰিজ হয় ৷ তাৰ পাছৰে পৰা তেও নাগপুৰত অবৈধভাৱে থাকিবলৈ লয় ৷

কিন্তু প্ৰশ্ন হয় – ভাৰতত এই দীঘলীয়া সময়ছোৱা কি কৰি আছিল নুৰ মহম্মদে ? এই সন্দৰ্ভত আৰক্ষীয়ে সদৰী কৰিছে আন কেতবোৰ ভয়ানক তথ্য ৷আৰক্ষীৰ মতে নুৰৰ আচল নাম হ’ল আব্দুল হক ৷ ভাৰতত কম্বল বিক্ৰীৰ ব্যৱসায় কৰিছিল ৷ বিয়া বাৰু কৰোৱা নাছিল ৷ নুৰ ভাৰতত থকাৰ সময়ৰ পৰাই আফগানিস্তানত থকা ভায়েক জড়িত হৈ পৰিছিল তালিবানৰ সৈতে ৷ আনকি হাতত ধৰাল অস্ত্ৰ লৈ থকা নুৰৰ এটা ভিডিও ভাইৰেল হৈ পৰিছিল নেট মাধ্যমত ৷ ইয়াৰ পাছতে আৰক্ষীয়ে নুৰক অনুসৰণ কৰি গ্ৰেপ্তাৰ কৰে ৷ গ্ৰেপ্তাৰৰ পাছত নুৰৰ শৰীৰত পোৱা গৈছিল গুলীৰ আঘাতৰ দাগ ৷ সামাজিক মাধ্যমৰ একাউন্টত দেখা ঘ’ল যে সন্ত্ৰাসবাদীৰ ভিডিও তেও নিয়মীয়াকৈ অনুসৰণ কৰে ৷ আনকি নিজৰ প্ৰ’ফাইলো ভৰি আছে তেনে ভিডিওৰে ৷ আৰক্ষীয়ে নুৰৰ ভাৰাঘৰতো তালাচী চলায় যদিও আপত্তিজনক একো সামগ্ৰী লাভ নকৰিলে ৷

তাৰ পাছত প্ৰত্যৰ্পন নিয়ম অনুসৰি নুৰক আফগানিস্তানলৈ ওভতাই পঠিওৱা হয় ৷ কিন্তু তালিবান যোদ্ধাৰ ৰূপত নুৰৰ ফটো দেখাৰ পাছত নাগপুৰ আৰক্ষীকে ধৰি ভাৰতীয় সংস্থাসমূহ হতবাক হৈ পৰিছে৷ এতিয়া আৰক্ষীয়ে ভাৰতত থকা সময়ছোৱাত নুৰে কাৰ কাৰ লগত টেলিফোনত যোগাযোগ কৰিছিল তাৰ অনুসন্ধান আৰম্ভ কৰিছে ৷ সন্দেহ কৰা হৈছে যে ভাৰতৰ আন ঠাইতো ছদ্মৱেশত থকা তালিবানৰ নেটৱৰ্ক বিয়পি আছে ৷

 

 

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.