ডেৰাডুনৰ ইণ্ডিয়ান মিলিটেৰী একাডেমীত প্ৰশিক্ষণ লোৱা ‘ছেৰু’ কেনেকৈ তালিবানৰ দুৰ্ধৰ্ষ নেতা হ’ল ?

Share This Article

ইণ্ডিয়ান মিলিটেৰী একাডেমীৰ সকলোৰে প্ৰিয় ‘ছেৰু’ আজি তালিবানৰ দুৰ্ধৰ্ষ কামাণ্ডাৰ ৷ সেইগৰাকী ‘ছেৰু’ , যি আছিল ডেৰাডুনৰ মিলিটেৰী একাডেমীৰ এজন সুদক্ষ কেডেট , তেও আজি তালিবানৰ শীৰ্ষ নেতা ৷ শিক্ষক , সহপাঠী কোনেও বিশ্বাস কৰিব পৰা নাই এই কথা ৷কিন্তু পাহৰিবও পৰা নাই ৪০ বছৰ আগত ইণ্ডিয়ান মিলিটেৰী একাডেমীলৈ অহা মৃদুভাষী , শান্ত ‘ছেৰু’ক ৷

তালিবানে আফগানিস্তানৰ ক্ষমতা দখল কৰাৰ এসপ্তাহ হ’বৰ হ’ল ৷ সমগ্ৰ বিশ্বৰ দৃষ্টি নিৱদ্ধ হৈ থকা মৌলবাদী সংগঠন তালিবানক যিয়ে আঁৰৰ পৰা ইমানদিনে পৰিচালনা কৰি আহিছিল , সেইগৰাকী তালিবান নেতাৰ পৰিচয় সম্প্ৰতি পোহৰলৈ আহিছে ৷ যাৰ নাম দেখি স্তম্ভিত হৈ পৰিছে আই এম এ অৰ্থাৎ ইন্ডিয়ান মিলিটেৰী একাডেমীৰ ১৯৮২ বেটছৰ ছাত্ৰসকল ৷ কিয়নো তালিবানক পৰিচালিত কৰা নেতাসকলৰ ভিতৰত আছে আই এম এৰ সেই বেটছৰ ছাত্ৰ ছেৰ মহম্মদ আব্বা্ছ স্তানিকজাই ওৰফে ছেৰু ৷ তেওক চিনি পোৱাত সহপাঠীসকলৰ অকনো অসুবিধা হোৱা নাই , অথচ মানি ল’ব কোনেও পৰা নাই যে সকলোৰে লগত সহজে মিলি যাব পৰা ছেৰুয়ে নেতৃত্ব দিছে বিশ্বত্ৰাস সংগঠন তালিবানক ৷ এইগৰাকী তালিবানৰ দুৰ্ধৰ্ষ কামাণ্ডাৰে ডেৰ বছৰ কাল প্ৰশিক্ষণ লৈছিল ইণ্ডিয়ান মিলিটেৰী একাডেমীত ৷তেওৰ সহপাঠী , ভাতীয় সেনাৰ অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল ডি এ চতুৰ্বেদীয়ে জনোৱা মতে ভাৰতত ছাত্ৰ হৈ থকা সময়ত ছেৰুৰ মাজত ইছলামিক চিন্তাৰ লেশমানো প্ৰভাৱ নাছিল ৷

ভাৰতে যেতিয়া আফগানিস্তানৰ বাবে সেনা প্ৰশিক্ষণৰ দুৱাৰ মুকলি কৰি দিছিল সেই তেতিয়াই ডেৰাডুনৰ ইণ্ডিয়ান মিলিটেৰী একাডেমীলৈ প্ৰশিক্ষণৰ বাবে আহিছিল ছেৰ মহম্মদ আব্বা্ছ স্তানিকজাই ৷ ডেৰ বছৰ প্ৰশিক্ষণ গ্ৰহণ কৰি তেও পুণৰ আফগানিস্তানলৈ উভতি যায় আৰু আফগান নেচনেল আৰ্মিত লেফটেনেন্ট হিচাপে যোগ দিয়ে ৷লাহে লাহে ছেৰুৰ মন সলনি হয় আৰু এসময়ত ছোভিয়েটৰ বিৰুদ্ধে যুঁজিবলৈ মুজাহিদীনত যোগ দিয়ে ৷

ছেৰ মহম্মদ আব্বা্ছ স্তানিকজাইৰ শৈক্ষিক অৰ্হতা, ইংৰাজী কথোপকথনৰ মাধুৰ্য্যতা আৰু স্পষ্টতাই তালিবানক দ্ৰুতগতিত উত্থানত যথেষ্ট সহায় কৰিছিল। তালিবান নেতৃত্বৰ বেছিভাগৰ আনুষ্ঠানিক শিক্ষা নাই বুলিবই পাৰি ৷ কিন্তু ছেৰু আছিল ব্যতিক্ৰম ৷১৯৯৬ চনত তালিবানে কাবুলৰ ক্ষমতা দখল কৰাৰ পিছত ছেৰ মহম্মদ আব্বা্ছ স্তানিকজাইক চৰকাৰৰ উপ বৈদেশিক মন্ত্ৰী আৰু উপ স্বাস্থ্য মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল। কিন্তু যেতিয়া ৯/১১ৰ বোমা বিস্ফোৰণৰ পিছত ২০০১ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাবাহিনী আফগানিস্তানত অৱতৰণ কৰে তেতিয়া তালিবান পলাই যাবলৈ বাধ্য হয়। ছেৰ মহম্মদ আব্বা্ছ স্তানিকজাই ২০১২ চনৰ জানুৱাৰীত কাটাৰৰ দোহাত প্ৰৱেশ কৰে আৰু তাৰ পৰা তালিবানৰ ৰাজনৈতিক আৰু বৈদেশিক কাৰ্যালয়ৰ নেতৃত্ব দিয়ে। তেতিয়াৰ পৰা ছেৰ মহম্মদ আব্বা্ছ স্তানিকজাইক ৰাষ্ট্ৰসংঘই তালিবানৰ সৈতে সম্পৰ্কিত ব্যক্তি বুলি ঘোষণা কৰে ৷ তাৰ পাছতো কিন্তু তেঁও বিনাদ্বিধাই বিশ্বৰ বিভিন্ন দেশ ভ্ৰমণ কৰি আহিছে। তেওঁ ঘানি নেতৃত্বাধীন আফগান চৰকাৰ, আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া আৰু চীনৰ গুৰুত্বপূৰ্ণ নেতাসকলৰ সৈতে শেহতীয়াকৈ বিভিন্ন আলোচনাত মিলিত হৈছে ৷তালিবানে ক্ষমতা দখল কৰাৰ পাছত এতিয়া ছেৰ মহম্মদ আব্বা্ছ স্তানিকজাইসহ তালিবানৰ মুঠ সাতজন নেতাৰ পৰিচয় পোহৰলৈ আহিছে ৷কিন্তু তাৰ মাজত ডেৰাডুনৰ ইণ্ডিয়ান মিলিটেৰী একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰি যোৱা ছেৰ মহম্মদ আব্বা্ছ স্তানিকজাই ওৰফে ছেৰুৰ ফটো দেখি আচৰিত হৈ পৰিছে তেওৰ সহপাঠীসকল ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.