তালিবানক কিয় বিশ্বাসত নল’বলৈ ক’লে বায়ুসেনাৰ প্ৰথম মহিলা পাইলটে ?

নতুন শাসনকালত মহিলাসকলৰ প্ৰতি মানবীয় হোৱাৰ প্ৰতিশ্ৰুতি দিছে তালিবানে ৷মহিলাসকলে কৰ্মক্ষেত্ৰত যোগদান কৰিব পাৰিব বুলিও তালিবানে ঘোষণা কৰিছে ৷কিন্তু তালিবানৰ এনে কথাত মুঠেও আশ্বস্ত নহয় আফগানিস্তানৰ প্ৰথম মহিলা বায়ুসেনাৰ পাইলট নিলোফাৰ ৰহমানি ৷

এতিয়াও আফগানিস্তানতে বন্দী হৈ আছে নিলোফাৰ ৰহমানি ৷ দেওবাৰে তালিবানে ক্ষমতা দখল কৰাৰ পাছৰে পৰা দু:শ্চিন্তাত দিন কটাইছে নিলোফাৰ ৰহমানিয়ে ৷২০১৩ চনৰ পৰাই নিলোফাৰৰ ওপৰত একাধিক প্ৰাণঘাটী আক্ৰমণৰ ঘটনা সংঘটিত হৈছে ৷২০১৫ চনত আফগানিস্তান এৰি ভাৰলৈ আহিছিল নিলোফাৰ ৰহমানি ৷২০১৮ চনৰ পৰা তেও আমেৰিকাত আশ্ৰয় লৈ আছে ৷

সংবাদমাধ্যমত নিজৰ আশংকাৰ কথা ব্যক্ত কৰি তেও কয় যে কিছুদিনৰ পাছতে খোলাৰ পৰা ওলাই তালিবানে স্বমূৰ্তি ধাৰণ কৰিব ৷ নিলোফাৰ ৰহমানৰ মন্তব্য-‘আকৌ এনাৰ আমাক আমাৰ পৰিয়ালক ভাবুকি দিয়া আৰম্ভ হৈছে ৷ তেওলোকৰ মতে মই ভাল মুছলমান মহিলা নহয় ৷ মই সংস্কৃতি পাহৰি গৈছো ৷ গতিকে মৰি যোৱাই ভাল ৷’

বুধবাৰে বোৰ্খা নিপিন্ধাকৈ কাৰ্যালয়লৈ যোৱাৰ অপৰাধত হত্যা কৰা হৈছিল এগৰাকী মহিলাক ৷ৰহমানিয়ে ক’লে –‘এই যুদ্ধ ঘোষণা আচলতে মহিলাৰ বিৰুদ্ধে ৷ পুৰুষৰ বিৰুদ্ধে নহয় ৷’

 

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296